মৰাণ,8 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ ডিব্ৰুগড়ত প্ৰতিদিনেই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । সেই হেতুকে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় প্ৰশাসন ।
ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ হেতুকে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পৌৰসভাৰ উদ্যোগত চহৰখনৰ নিউ মাৰ্কেট, কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বিভিন্ন স্থানত ছ’ডিয়াম হাইপ’ ক্ল’ৰাইডৰ মিশ্ৰণৰ জৰিয়তে উক্ত স্থানসমূহ শুকুৰবাৰে চেনিটাইজেছনৰ ব্যবস্থা কৰা হয় ।