মৰাণ, ২৯ ডিচেম্বৰ: সাহস আৰু মনত উদ্যম থাকিলে সকলো কথাতে সফলতা অৰ্জনৰ বাট মুকলি হয় । এই কথাকে প্ৰমাণ কৰিলে শৈশৱৰে পৰা প্ৰকৃতিক ভালপোৱা টিংখাঙৰ এজন যুৱকে । প্ৰকৃতিৰ সৈতে একাত্ম হৈ থাকি ভাল পোৱা এইজন যুৱকে আজি আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে । ডিব্ৰুগড়ৰ জিলা টিংখাঙৰ নলনী কপহুৱা গাঁৱৰ বিজু গগৈ নামৰ যুৱকজনে আনক স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে অন্য এক সফলতাৰ বাটেৰে ।
নিজৰ একাগ্ৰতাৰ বাবে এসময়ত সাপ্তাহিক বজাৰ, মানুহৰ ঘৰে-ঘৰে পুলি বিক্ৰী কৰা যুৱকজন এতিয়া ছানফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী । উজনি অসমৰ বৃহৎ নাৰ্চাৰী সমূহৰ এখন অন্যতম ছানফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী বিজু গগৈক প্ৰকৃতিয়ে দিছে সফলতাৰ বাট । ২০১৮ চনতে ৯০০০ টকাৰ পুলিৰে নাৰ্চাৰী আৰম্ভ কৰা বিজুৱে গাঁৱৰ সাপ্তাহিক বজাৰ, মানুহৰ ঘৰে-ঘৰে, কৃষকৰ হাতে-হাতে দি পুলি বিক্ৰী কৰিছিল । পিছলৈ তেওঁ নাৰ্চাৰীখন সম্প্ৰসাৰণ ঘটাই বৰ্তমান অৰুণাচল, নাগালেণ্ড, কলকাতা আদিৰ লগতে দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ এইখন নাৰ্চাৰীত উৎপাদিত বিভিন্ন উন্নত মানৰ পুলি ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।