মৰাণ,22 মাৰ্চ: ৰাষ্ট্ৰীয়তাবাদী দলৰ সমানে সমানে নিৰ্বাচনী প্ৰচাৰ চলাইছে আঞ্চলিকতাবাদী দলসমূহে ৷ সোমবাৰে নামৰূপত নিৰ্বাচনী সভাত অংশ লয় ১২০ নং নাহৰকটীয়া সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ৷ সভাত ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয়, এইবাৰ নিৰ্বাচনত স্বাভিমানী ৰাইজে পাঁচ কেজি বিনামূলীয়া চাউল আৰু ৮৩০ টকাৰ প্ৰলোভনৰ বিনিময়ত বিবেক বিক্ৰী নকৰে ৷
সাৰ নগৰী নামৰূপৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই জনসভাত অংশগ্ৰহণ কৰি নেতাজনে শাসকপক্ষ বিজেপি আৰু কংগ্ৰেছক সমালোচনা কৰে । লুৰিণে কয়, সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে ঘোষণা কৰা ১০০ কোটি টকা আজিও কাৰ্যকৰী নহ'ল ৷ চতুৰ্থ গোটক লৈ বিজেপি চৰকাৰে সদায় আওকাণ কৰিলে ৷