অসম

assam

By

Published : Jan 8, 2021, 4:24 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত খহিল কংগ্ৰেছৰ দূৰ্গ

উজনিত অস্তিত্ব বিহীন হ'ব নেকি জাতীয় কংগ্ৰেছ । এজনৰ পাছত এজনকৈ প্ৰভাৱশালী নেতাই এতিয়া কংগ্ৰেছ ত্যাগ কৰি পৰিধান কৰিছে গেৰুৱা বসন ।

Secretary of Dibrugarh district Congress joined in BJP
ডিব্ৰুগড়ত খহিল কংগ্ৰেছৰ দূৰ্গ

ডিব্ৰুগড়, 8 জানুৱাৰী :ডিব্ৰুগড়ৰ কংগ্ৰেছত মুখ্যম আঘাত ৷ ডিব্ৰুগড়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা তথা ডিব্ৰুগড় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিনোদ বুঢ়াগোঁহাইয়ে শুকুৰবাৰে পাঁচ শতাধিকৰো অধিক কাৰ্যকৰ্তাসহ বিজেপি দলত যোগদান কৰে ৷ ডিব্ৰুগড় কংগ্ৰেছত পোন্ধৰ বছৰৰো অধিক সময় সেৱা আগবঢ়ায় যোৱা নেতাজনে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দল ত্যাগ কৰাত কংগ্ৰেছ দলত বিষম আঘাত হানিছে ।

ডিব্ৰুগড়ত খহিল কংগ্ৰেছৰ দূৰ্গ

ডিব্ৰুগড় লাহোৱালত শুকুৰবাৰে অনুষ্ঠিত এখন দলীয় সভাত বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ ওচৰত বহু সংখ্যক কংগ্ৰেছ কৰ্মীসহ গেৰুৱা বসন পৰিধান কৰে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বিনোদ বুঢ়াগোঁহায়ে । বিজেপিত যোগদান কৰিয়ে নেতাগৰাকীয়ে কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুণ বৰাৰ কথাত অতিষ্ঠ হৈ দল ত্যাগ কৰাৰ কথা উল্লেখ কৰে । তেওঁ লগতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত কংগ্ৰেছ দলে কোনো কাৰণতে লাহোৱাল সমষ্টিত স্থান নাপায় বুলি দাবী কৰে । বিনোদ বুঢ়াগোঁহাইয়ে বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ কাম কাজত সন্তুষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ

ABOUT THE AUTHOR

...view details