ডিব্ৰুগড়, 19 ডিচেম্বৰ: আলফা(স্বা:)ৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব অভিযান(Operation against ULFA I) ৷ ডিব্ৰুগড়ত এই মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ(Special DGP GP Singh) ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে ডিব্ৰুগড় উপায়ু্ক্ত কাৰ্যালয়ত ভিডিঅ’ কনফাৰেন্সিঙত অংশ গ্ৰহণ কৰিছিল বিশেষ আৰক্ষী সঞ্চাল প্ৰধানগৰাকীয়ে(Video conference with CM Himanta Biswa Sarma) ৷
মুখ্যমন্ত্ৰীৰে হোৱা এই ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল ভাৰতীয় সেনা, চি আৰ পি এফ, অসম আৰক্ষীৰ লগতে তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলে ৷ এই বৈঠকৰ অন্তত কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বৈঠকৰ অন্তত জি পি সিঙৰ মন্তব্য, ‘‘তিৰাপ, লংডিং, চাংলাং আৰু মন অঞ্চলত হৈ থকা আলফা (স্বা:)ৰ গতিবিধিক লৈ বৈঠকত আলোচনা কৰা হৈছে(Movement of ULFA in adjoining areas), আলফাৰ(স্বা:)ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, আলফা(স্বা:)ৰ ধন দাবীৰ(Extortion by ULFA I) সৈতে যদি কোনো স্থানীয় ব্যক্তি জড়িত হৈ আছে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব, ইতিমধ্যেই ধনদাবীৰে জড়িত বহুলোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷"
উল্লেখ্য যে, একপক্ষীয় যুদ্ধ বিৰতি ঘোষণাৰে আলফা(স্বা:)ই তিনিচুকীয়া জিলাকে ধৰি সীমান্তৱৰ্তী অঞ্চল সমূহৰ ব্যৱসায়ী, প্ৰাক্তন আলফা সদস্য আদিৰ পৰা ধন দাবী কৰাৰ ঘটনা শেহতীয়াকৈ ৰাজহুৱা হৈছে ৷ তাৰ মাজতে আলফা(স্বা:)ৰ কাৰ্যকলাপ আৰু গতি-বিধিৰ বিৰুদ্ধে কঠোৰ সৈতে আৰক্ষী-প্ৰশাসন তথা চৰকাৰ ৷