টিংখাং, ৭ আগষ্ট :কৰ'ণা (Corona) মহামাৰী আৰু লক ডাউনে (Lockdown) বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱা দেখা গৈছে । অসমৰ সমাজ জীৱনৰ লগত জড়িত বহু লোকে এতিয়া লক ডাউনৰ ফলত অৰ্থৰ অভাৱত পৰিছে । বিশেষকৈ চিত্ৰ তথা ভাস্কৰ্য আৰু আন শিল্পকলাৰ লগত জড়িত লোকসকলৰ বাবে এতিয়া জীৱন নিৰ্বাহৰ চৰম জটিলতা আহি পৰিছে ।
তেনে এক শিল্পী হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নিত্যা দিহিঙীয়া । প্ৰায় ডেৰ দশক ধৰি চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সাধনাত ব্ৰতী হৈ আহিছে এইগৰাকী শিল্পী । আনকি তেওঁৰ উপাৰ্জনৰো অন্যতম আহিলা এই শিল্পকলা ।
চিত্ৰশিল্পৰ প্ৰচাৰ আৰু বিকাশৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি বিশেষ ভূমিকা পালন কৰি অহা টিংখাঙৰ শালমাৰী-দীঘলীয়া গাঁৱৰ নিত্যা দিহিঙীয়াৰ চিত্ৰ তথা ভাস্কৰ্য শিল্পই ইতিমধ্যে ৰাজ্যজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনকি শিল্পী গৰাকীয়ে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিয়েই নিজৰ চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছে ।