ডিব্ৰুগড়, 30 ছেপ্টেম্বৰ :বিশ্ববিদ্যালয়সমূহৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়সমূহত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বহু মহাবিদ্যালয়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও বহু মহাবিদ্যালয়ত সংঘটিত হোৱা নিৰ্বাচন কেন্দ্রীক হিংসাত্মক ঘটনাই চিন্তাত পেলাইছে বৌদ্ধিক মহলক । ইয়াৰ মাজতে শুকুৰবাৰৰ নিশা চাবুৱাত সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ ।
ডি ডি আৰ মহাবিদ্যালয়ত ছাত্র একতা সভা নিৰ্বাচনক লৈ এই উত্তপ্ত পৰিৱেশ সৃষ্টি হয় । মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে নমিনেশ্যন ফৰ্ম জমা কৰাৰ দিন ধাৰ্য কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰ পাচতে ফৰ্ম জমা কৰাক লৈ মহাবিদ্যালয়ত সৃষ্টি হয় বিবাদৰ ৷ ছাত্ৰ পৰিষদৰ নেতৃত্বত থকা বৰ্তমানৰ ছাত্ৰ একতা সভাৰ একাংশই গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বহুতে । আনকি নমিনেশ্যন দাখিল কৰা কেইবাজনো ছাত্ৰক সন্ধিয়া ছাত্ৰ পৰিষদৰ একাংশই অপদস্থ আৰু মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ।