মৰাণ, ২২ ডিচেম্বৰ: ডিব্ৰুগড়ত জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত মঙলবাৰে স্ক্ৰীণিং শিবিৰ অনুষ্ঠিত কৰা হয় ।
নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাৰীৰিক বাধাগ্ৰস্ততা প্ৰমাণিকৰণৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই শিবিৰত উপস্থিত থাকি নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে বিশেষভাৱে সক্ষম লোকসকলক প্ৰমাণপত্ৰও প্ৰদান কৰে ৷
নাহৰকটীয়াত বিশেষভাৱে সক্ষম লোকৰ বাবে স্ক্ৰীনিং শিবিৰৰ আয়োজন উল্লেখ্য যে, ডিব্ৰুগড় জিলা প্ৰশাসনে, জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জিলাৰখনৰ বিভিন্ন ঠাইত শৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰি আছে ।
নাহৰকটীয়াত বিশেষভাৱে সক্ষম লোকৰ বাবে স্ক্ৰীনিং শিবিৰৰ আয়োজন প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, জিলাখনৰ বিভিন্ন ঠাইত পৰ্যায় ক্ৰমে এই শিবিৰ অনুষ্ঠিত হৈ থাকিব ।
নাহৰকটীয়াত বিশেষভাৱে সক্ষম লোকৰ বাবে স্ক্ৰীনিং শিবিৰৰ আয়োজন এই স্ক্ৰীণিং শিবিৰত প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতে বিশেষভাৱে সক্ষম লোকসকলে চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধা লাভ কৰাত সহায়ক হ'ব ।
লগতে পঢ়ক:গোলাঘাটত জিলা কংগ্ৰেছৰ ১৪ গৰাকী বিষয়ববীয়াৰ পদত্যাগ