মৰাণ,28 ছেপ্তেম্বৰ :সমগ্ৰ দেশ তথা ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু শাম কটাত কেইবাখনো ৰাজ্যৰ লগতে অসমতো ইতিমধ্যেই আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ ৰাজ্য চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট নীতি-নিয়ম সমূহ মানি যোৱা 20 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত দশম শ্ৰেণীৰ পাঠদান চলি আছে ৷ ইয়াৰ মাজতে আনবোৰ শ্ৰেণীৰ পাঠদানৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কৰিছে বিশেষ ঘোষণা ৷ শিক্ষামন্ত্ৰী গৰাকীয়ে জনোৱা মতে,অহা 1 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান ৷
ইয়াৰ সমান্তৰালকৈ 1 অক্টোবৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদানো আৰম্ভ হ'ব ৷ আনহাতে শাৰদীয় দূৰ্গোৎসৱৰ পিছতে, 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব একাদশ শ্ৰেণীৰ পাঠদান ৷ লগতে 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব অষ্টম শ্ৰেণীৰ তলৰ সকলো পাঠদান ৷ অৱশ্যে সপ্তাহত তিনিদিনহে চলিব পাঠদান ৷ মঙলবাৰে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিলে এই কথা ৷