অসম

assam

By

Published : Feb 14, 2021, 7:24 AM IST

ETV Bharat / state

প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ

শিক্ষক নিযুক্তিৰ পাচতে ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তই ৰাজ্যৰ শিক্ষাখণ্ডত একপ্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷ প্ৰাদেশীকৰণৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিয়ে ভাবুকি কঢ়িয়াই আনিছে বহুতো অ-প্ৰাদেশীকৃত বিদ্যালয়লৈ ৷

প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ
বিদ্যালয় প্ৰাদেশীকৰণৰ নামত পদ প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহুু বিদ্যালয়লৈ

টিংখাং,14 ফেব্ৰুৱাৰী: সৰুসজাইত 30,000 শিক্ষক নিযুক্তিৰে ৰাজ্য চৰকাৰ তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত একপ্ৰকাৰ চমক সৃষ্টি কৰিলে । কিন্তু নিযুক্তিৰ পাচতে ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তই ৰাজ্যৰ শিক্ষাখণ্ডত একপ্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷ প্ৰাদেশীকৰণৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিয়ে এতিয়া ভাবুকি কঢ়িয়াই আনিছে বহুতো অপ্ৰাদেশীকৃত বিদ্যালয়লৈ । কিয়নো টিংখাঙৰ ন-শ্ৰীপুৰীয়া গাঁৱত 1992 চনতে প্ৰতিষ্ঠিত সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক । 91 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 6 জন শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনে এক বৃহত্তৰ অঞ্চলৰ মাধ্যমিক শিক্ষাৰ অভাৱ দুৰ কৰি আহিছিল । কিন্তু শেহতীয়াকৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষকসহ 3 গৰাকী শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰি তেওঁলোকক অন্য এখন বিদ্যালয়ত নিযুক্তি প্ৰদান কৰাত এতিয়া বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগিছে ।

প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ

নিযুক্তি পত্ৰত উল্লেখিত চৰ্ত অনুসৰি নতুনকৈ নিযুক্তি প্ৰাপ্ত BASE বিদ্যালয়লৈ পূৰ্বৰ বিদ্যালয়ৰ সা-সম্পত্তি, বেঞ্চ-ডেক্সসমূহ হস্তান্তৰ কৰাৰ লগতে বিদ্যালয়ৰ মাটিৰ কাগজ-পত্ৰসমূহ জিলা উপায়ুক্তক গতাই দিয়াৰ নিৰ্দেশনা দিয়া হৈছে । যেতিয়ালৈকে নথি-পত্ৰ সমূহ চমজাই দিয়া নহয়, তেতিয়ালৈকে এইসকল শিক্ষকৰ দৰমহা মুকলি কৰা নহয় । ইফালে চৰকাৰৰ এই সিদ্ধান্তক কোনোপধ্যে মানি ল’ব বিচৰা নাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় সচেতন মহলে । ত্যাগ আৰু কঠোৰ পৰিশ্ৰমেৰে সুদীৰ্ঘ বছৰে পাঠদান কৰি অহা বিদ্যালয়খনক মৃত্যুমুখলৈ ঠেলি দি অন্য বিদ্যালয়ত টিউটৰ হিচাপে যোগদান কৰিবলৈ অমান্তি প্ৰকাশ কৰিছে নৱনিযুক্ত শিক্ষকসকলে ।

আনহাতে, চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ । ৰাইজে গাঁঠিৰ ধন ভাঙি অলেখ আশাৰে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন কোনো কাৰণতে বন্ধ হ'বলৈ দিয়া নহ'ব বুলিও স্থানীয় ৰাইজে হুংকাৰ প্ৰদান কৰে । অন্যথা সমাগত বিধানসভা নিৰ্বাচনত গাঁৱবাসীয়ে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈও বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক:গোলকগঞ্জত স্থাপন হ'ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়

ABOUT THE AUTHOR

...view details