ডিব্ৰুগড়, 18 মে’:দেশ জোকাৰি গৈছে কৰ’ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ৷ অক্সিজেনৰ অভাৱত দেশজুৰি মৃত্যুমুখত পৰিছে বহু সংখ্যক লোক ৷ ভেকচিনৰ অভাৱত হাহাকাৰ কৰিছে দেশবাসীয়ে ৷ সমগ্ৰ দেশৰ লগতে অসমতো সম্প্ৰতি ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্ত তোকৰ সংখ্যা ৷
ৰাজ্যৰ আন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অতি ভয়াৱহ ৰূপত দৈনিক অৱনতি হৈছে ক’ভিড পৰিস্থিতিৰ । মঙলবাৰ পৰ্যন্ত জিলাখনত মুঠ ৭ জন লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ মঙলবাৰৰ দিনটোত জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে ৪১৩ জন লোক ।