মৰাণ, 21 জুন:ডিব্ৰুগড়ৰ লেজাইৰ দলংঘাটৰ দেৱানবাৰীৰ দিলীপ দাসৰ পুত্ৰ সৌৰভ দাস (20) নামৰ যুৱকজন শুকুৰবাৰে নিশা 10 বজাত এখন স্কুটিৰে প্ৰেমিকাৰ ঘৰলৈ অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ৷ দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছত দেওবাৰে পুৱা চেঁচা দলং ঘাটৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে ৷
মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ - Deadbody Rescue
শুকুৰবাৰে নিশা প্ৰেমিকাৰ ঘৰলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল সৌৰভ দাস ৷
![মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ Saurav Das Deadbody Rescue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7709265-thumbnail-3x2-mor.jpg)
মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ
মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ
ইতিমধ্যে ঘটনা সংক্ৰান্তত চাৰিজনক আটক কৰিছে আৰক্ষীয়ে । যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে । যুৱকজনৰ শৰীৰত আঘাটৰ চিন চাই নৃশংসভাৱে হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে ।
লগতে পঢ়কঃকামৰূপ আৰক্ষীৰ জালত ছয়গাঁৱৰ আমবাৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত