ডিব্ৰুগড়, 12 জুলাই : " সত্ৰীয়া সংস্কৃতিয়ে বৰ্তমান সময়ত যেনেকৈ প্ৰচুৰ প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে একে সময়তে কিন্তু সত্ৰীয়া সঙ্গীত নৃত্যত আধুনিকতাৰ দোষে স্পৰ্শ কৰা পৰিলক্ষিত হৈছে " এই মন্তব্য পদ্মশ্ৰী তথা নৃত্যাচাৰ্য যতীন গোস্বামীৰ। মঙলবাৰে ডিব্ৰুগড় জিলাৰটিংখাঙৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়ায় বিশিষ্ট সত্ৰীয়া সাধকগৰাকীয়ে । তেওঁ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুখিনি কৰণীয় আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবৰ বাবে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনায় ।
উল্লেখযোগ্য যে, মংগলবাৰৰে পৰা টিংখাঙৰ ৰাজগড় জুনিয়ৰ কলেজ প্ৰাঙ্গণত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সত্ৰীয়া সঙ্গীত শিক্ষক সমাজৰ " নৱম বাৰ্ষিক চিন্তন বৈঠক আৰু প্ৰশিক্ষণ শিবিৰ " কাৰ্যসূচীৰ । সত্ৰীয়া সঙ্গীত শিক্ষক সমাজ অসমৰ উদ্যোগত, উৰ্বশীময় কলা মড়ল , টিংখাং সাংস্কৃতিক মঞ্চ, সাংস্কৃতিক মহাসভা অসম, ৰাজগড় আঞ্চলিক সমিতি তথা টিংখাং ৰাজগড়বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই তিনিদিনীয়া চিন্তন বৈঠক অনুষ্ঠানৰ ।