নাহৰকটীয়া, 4 আগষ্ট : শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা আৰু অসমৰ হৃদপিণ্ডস্বৰূপ সত্ৰীয়া সংস্কৃতিক শিশুসকলৰ দ্বাৰা সমাজৰ মাজলৈ আনিবলৈ নিৰলস প্ৰচেষ্টাত ব্ৰতী চাচনীৰ শিলকচুবাম অঞ্চলৰ প্ৰগতি নাট্যগোষ্ঠী । অসম আৰক্ষীত কৰ্মৰত সংস্কৃতিবান ব্যক্তি ৰিতুল শইকীয়াই ঐকান্তিক প্ৰচেষ্টাৰে কৰ্মজীৱনৰ ব্যৱস্থাৰ মাজতে আজৰি সময়ত নিজ বাসগৃহতে যোৱা ডেৰ বছৰ ধৰি চলাই আহিছে কণ-কণ শিশু সকলৰ মাজত সত্ৰীয়া সংস্কৃতিৰ বাহক ভাওনাৰ আখৰা তথা প্ৰশিক্ষণ । উজনি অসমৰ লখিমপুৰ, ধেমাজী, মাজুলী, গোলাঘাট, তিনিচুকীয়া, নাহৰকটীয়া আদি বিভিন্ন ঠাইৰ মঞ্চত ভাওনা প্ৰদৰ্শন কৰি পুৰস্কাৰ তথা ৰাইজৰ মৰম পাবলৈ সক্ষম হোৱা প্ৰায় 50 জন শিশুৱে ৰিতুল শইকীয়াৰ তত্ত্বাৱধানত গ্ৰহণ কৰিছে আধ্যাত্মিকভাব সম্পন্ন সত্ৰীয়া নৃত্য-গীত তথা ভাওনাৰ পাঠ ।
ৰিতুল শইকীয়াই শিশুসকলক দি আহিছে দিহানাম, বৰগীত, নেগেৰা বাদন, গায়ন-বায়নৰ এক মনোমোহা শিক্ষা । শংকৰদেৱৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ মানসেৰে চলোৱা তেওঁৰ এই সাধনাত অঞ্চলটোৰ বহুতো লোকে সহায় সহযোগিতাৰ হাত আগবঢ়োৱাৰ উপৰিও বৰবাম আঞ্চলিক পঞ্চায়তৰ কাউন্সিলাৰ শৰৎ চাৰিঙীয়া ফুকনেও বিভিন্ন সময়ত আখৰাস্থলীত উপস্থিত হৈ শিশুসকলক অন্নদান কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে ।