ডিব্ৰুগড়, 2 জুলাইঃবিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে বৃহত্তৰ চাচনী মৌজাৰ বহু কেইখন গাঁও । চাচনী আৰক্ষী চকীৰ অন্তৰ্গত সাপমাৰি,দীঘলী ব্লক,মূঢ়ানী,দিহিং কিনাৰ,দাহাল কুলাগড়া,আমগুৰী নেপালী গাঁও আদি এতিয়া পানীৰ তলত । আনহাতে পথৰ ওপৰেদি বৈ গৈছে পানী ৷ বাঢ়নী পানীয়ে বুৰাই পেলালে কৃষিজীৱি ৰাইজৰ কঠিয়াতলিকে ধৰি বাম খেতিৰ বিস্তীৰ্ণ অঞ্চল যাৰ পৰিণতিত এতিয়া দিশহৰা হৈ পৰিছে কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজ ৷
মনকৰিবলগীয়া কথা যে,ৰাজ্যৰ জলাশয় বিলাক বাম হৈ যোৱাৰ ফলতেই বৰষুণৰ পানীসমূহ উটি গৈ নদীত পৰাত বাধা আহি পৰাৰ লগতে বিভিন্ন কাৰণত নৈ সমূহৰ বুকু বাম হৈ পৰাৰ বাবে ইয়াৰ বহন ক্ষমতা হ্ৰাস পাই বোৱঁতী পানী সমূহ একো একোটা নিৰ্দিষ্ট অঞ্চলত ৰৈ যোৱাত এনেধৰণৰ বানৰ সৃষ্টি হৈছে ৷