ডিব্ৰুগড়, ৮ অক্টোবৰলৈ :ৰাজ্যৰ থলুৱা উদ্যোগীসকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ডিব্ৰুগড়ৰ চৌকিডিঙীত অনুষ্ঠিত কৰা হৈছে ১১ দিনীয়া বাণিজ্য মেলা । ডিব্ৰুগড়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে চহৰখনৰ চৌকিডিঙীত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বাণিজ্য মেলা ।
২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগা এই বাণিজ্য মেলাত শনিবাৰে সন্ধিয়া অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বাণিজ্য মেলাৰ লগত জড়িত কৰি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে এই ধৰণৰ বাণিজ্য মেলা অনুষ্ঠিত কৰি উল্লেখনীয় কাম কৰিছে । পূৰ্বৰ তুলনাত অসমত বৰ্তমান উদ্যমী সৃষ্টি হৈছে । এই ধাৰাবাহিকতা অব্যাহত ৰাখিলে অসম এখন উৎপাদনক্ষম ৰাজ্য হিচাপে পৰিচিত হৈ উঠিব’’ ৷