অসম

assam

খাদ্য গ্ৰহণেৰে ভোটাৰৰ কাষ চপাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ

By

Published : Mar 15, 2021, 10:49 PM IST

মাহমৰাৰ গড়কোষ হাবিৰ বাসিন্দা নুমলী বৰুৱাৰ ঘৰত জুতি লগাই এসাঁজ উদৰ পুৰাই খালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

দুপৰীয়াৰ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী ৰনডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
দুপৰীয়াৰ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী ৰনডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মৰাণ,15 মাৰ্চ: মাহমৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে জজলী পাঁচআলিৰ নুমলী বৰুৱাৰ বাসগৃহত জুতি লগাই এসাঁজ উদৰ পুৰাই খালে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দুপৰীয়াৰ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী ৰনডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সম্পূৰ্ণ থলুৱা প্ৰথাৰে বান কাঁহীত আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । পচলা, ঢেকীয়া, আলু পিটিকাৰ জুতি ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী যোগেন মহন আৰু বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই নুমলী বৰুৱাৰ ঘৰত আহাৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক:ৰাজকুমাৰ নীলনেত্ৰ নেওগৰ হৈ প্ৰচাৰত ব্যস্ত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details