কেন্দ্ৰীয় বাজেট সন্দৰ্ভত সংবাদমেল মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৰাণ, ৪ফেব্ৰুৱাৰী :বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত সকলো শ্ৰেণীৰ লোকক সামৰি লোৱা হৈছে বুলি মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union Minister Nirmala Sitharaman) । ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য় কৰে (PressMeet of Sarbananda Sonowal in Dibrugarh)। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এই বাজেটখনত স্বনিৰ্ভৰশীলতাক প্ৰাধান্য দি ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্ব দিয়া হৈছে ।
কেন্দ্ৰীয় বাজেট সন্দৰ্ভত সংবাদমেল সম্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ডিজিটেলাইজেশ্যনৰ জৰিয়তে আধুনিক ভাৰত নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Sarbananda Sonowal react on Union Budget) । ইপিনে,কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ কয় যে কংগ্ৰেছৰ দিনত এনে কাম সম্ভৱ কৰিব পৰা নাছিল । কংগ্ৰেছৰ দিনত সুযোগ আছিল, কিন্তু তেওঁলোকৰ নীতি আৰু পৰিকল্পনা নাছিল । সেইবাবে সফল হ'ব পৰা নাছিল বুলি তেওঁ কয় ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয় যে কেন্দ্ৰীয় বাজেটক লৈ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোকে আশাৰ সপোন দেখিছে । এই বাজেটে নতুন দিগন্তৰ সূচনা কৰিছে বুলি মন্তব্য় কৰি কয় যে যুৱ প্ৰজন্মক কাৰিকৰী পদ্ধতিৰে আগুৱাই নিয়াত গুৰুত্ব দিয়া হৈছে । এই বাজেটৰ পৰা সকলো খণ্ডৰ ব্যৱসায়ী লাভান্বিত হ'ব । ২০৪৮ চনক লক্ষ্য হিচাপে লৈ এই কেন্দ্ৰীয় বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি তেওঁ কয় । ২০৪৮ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিয়া বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ইপিনে, এমভি গংগা বিলাস সন্দৰ্ভতো মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই গংগা বিলাস ক্ৰূজখন বাংলাদেশত প্ৰৱেশ কৰিছে । ইতিমধ্যে ১৪০০ কিলোমিটাৰ অতিক্ৰম কৰা এই ক্ৰূজখনে অহা ২৩ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিব । ৩২ গৰাকী যাত্ৰী থকা ক্ৰজখনৰ পৰ্যটকসকলে অসমৰ নৈসৰ্গিক পৰিবেশ দেখি অভিভূত হোৱা বুলি তেওঁ মন্তব্য কৰে । সংবাদমেলত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, টেৰছ গোৱালা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা উপস্থিত থাকে ।
লগতে পঢ়ক:IAF to acquire new transport aircraft: মেক ইন ইণ্ডিয়া অধীনত ভাৰতীয় বায়ু সেনাৰ নতুন পৰিবহণ বিমান