ডিব্ৰুগড়,২৬ অক্টোবৰ:২৫ অক্টোবৰৰ পৰা বন্ধ হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত (All India Radio Dibrugarh) অসমীয়া নিউজ বুলেটিন । দিল্লীৰ প্ৰসাৰ ভাৰতীয়ে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছিল । সেইমর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন ২৫ অক্টোবৰৰ পৰা বন্ধ হৈ পৰে (Assamese news bulletin closed at Dibrugarh AIR)।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বনন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় । সোনোৱালৰ আমন্ত্ৰণ মৰ্মে আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়া সকলে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ডিব্ৰুগড়স্থিত বাসভৱনত সাক্ষাৎ কৰে(Sonowal meets officials of AIR Dibrugarh) ।
এই বৈঠকতে প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন উঠাই নিয়াৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে উপস্থিত বিষয়ববীয়াসকলে বিস্তৃতভাবে অৱগত কৰি ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনায় সোণোৱালক । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৎক্ষনিকভাৱে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰালৈ ফোন কৰি বিষয়টো পুনঃবিবেচনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।