অসম

assam

ETV Bharat / state

উন্নত চিকিৎসা হ'ব ডব্লিউ দাৰ : বাতৰি প্ৰকাশৰ পাচতে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহাৰ্য - ডিব্ৰুগড়

ডিব্ৰুগড়ৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ডব্লিউ দালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য ৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাচতেই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিশিষ্ট ফটোগ্ৰাফাৰজনলৈ আৰ্থিক সাহাৰ্য আগবঢ়ালে সৰ্বানন্দ সোণোৱালে ৷

financial help
financial help

By

Published : Jun 7, 2020, 4:21 AM IST

ডিব্ৰুগড়, 6 জুন :70-80 দশকৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ,সাংবাদিক অভিনেতা তথা বৰেণ্য শিল্পী ডিব্ৰুগড়ৰ ডব্লিউ দা অৰ্থাৎ হৰিবিনোদ বাৰ্মাৰ বৰ্তমান অবহেলিত আৰু ৰোগাক্ৰান্ত ৷ তেখেতৰ অৱস্থাৰ বাতৰি প্ৰচাৰ হৈছিল ইটিভি ভাৰতৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও সংবাদ মাধ্যমত ৷

ডব্লিউ দালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য

বাতৰি প্ৰচাৰৰ পাচতেই দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট ফটোগ্ৰাফাৰ হৰি বিনোদ বাৰ্মাৰ সু-চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা এক লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰে ৷

উন্নত চিকিৎসা হ'ব ডব্লিউ দাৰ

মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিচতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশ মৰ্মে অতিৰিক্ত উপায়ুক্ত শ্ৰী সুশান্ত কুমাৰ দত্তই শনিবাৰে সন্ধিয়া বিশিষ্ট ফটোগ্ৰাফাৰগৰাকীৰ ঘৰত উপস্থিত হৈ তেখেতক এই সাহাৰ্যৰ ধনৰাশি চেকযোগে প্ৰদান কৰে ৷ এই আৰ্থিক সাহাৰ্য লাভ কৰাত নথৈ আনন্দিত হয় তেওঁৰ পৰিবাৰ। মুখ্যমন্ত্ৰী আৰু সংবাদ মাধ্যমৰ ওচৰতো কৃতজ্ঞতা প্ৰকাশ কৰিছে পৰিয়ালটোৱে।

লগতে পঢ়ক :এসময়ৰ জনপ্ৰিয় "W দা" আজি ৰোগশয্যাত...

ABOUT THE AUTHOR

...view details