ডিব্ৰুগড়ৰ,৯ অক্টোবৰ: "মাতৃৰ কোলাত মই যি শিক্ষা বুটলিছিলোঁ,সেইবোৰ মোৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা" ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত এই মন্তব্য(Sarbananda Sonowal at Kanoi College) কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেওবাৰে ‘আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Closing ceremony of Maharajat Jayanti in Kanoi College) ।
মহাবিদ্যালয়খনৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ উদ্যোগত অনুষ্ঠানটি আয়োজন কৰা হয় । অনুষ্ঠানটিত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, মহাবিদ্যালয়ৰ উপাধ্যক্ষ, মহাবিদ্যালয় শাসকীয় সংস্থাৰ সভাপতিকে আদি কৰি , শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল(Maharajat Jayanti of Kanoi College in Dibrugarh) ।
ভাষণৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ মহাবিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰি ইয়াৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । তেওঁ পঢ়ি থকা সময়ত কানৈ কলেজ সাংস্কৃতিক, ক্ৰীড়া আৰু শিক্ষাৰ দিশত এখন আগৰণুৱা কলেজ আছিল বুলি গৌৰৱ ব্যক্ত কৰে । সেই সময়ত তেওঁ এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শৰীৰ চৰ্চা বিভাগৰ সাধাৰণ সম্পাদক থকাৰ কথাও উল্লেখ কৰে ।
এইখন মহাবিদ্যালয়ৰ লগতে পিছলৈ বিশ্ববিদ্যালয়তো ষ্ট্ৰং-মেনৰূপে পৰিচিত আছিল বুলি ছাত্ৰ-ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে সোণোৱালে । ক্ৰিকেট খেলত থকা ৰাপৰ কথা তেওঁ বিশেষভাৱে উল্লেখ কৰি কয় যে এসময়ত এই কানৈ কলেজৰ গোবৰ মাটিৰে লিপা ক্ৰিকেট পিট্ছৰ পৰা লণ্ডনৰ প্ৰসিদ্ধ খেলপথাৰবোৰলৈ তেওঁৰ যাত্ৰাৰ বহুতো সোণোৱালী স্মৃতি তেওঁৰ মনলৈ আহিছে ।
ছাত্ৰ-ছাত্ৰীৰে কথোপকথনৰ অংশত তেওঁ বিভিন্ন শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰ দিয়ে । মন্ত্ৰীগৰাকীৰ সহনশীল, হাস্যময় ব্যক্তিত্বৰ কাৰণৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ হিচাপে তেওঁ নিজৰ আদিগুৰু পিতৃ-মাতৃৰ অৱদানৰ কথা উল্লেখ কৰে । কোনো আনুষ্ঠানিক শিক্ষা নথকা তেওঁৰ মাতৃৰ পৰা আহৰণ কৰা মানৱীয় গুণসমূহে তেওঁক সহনশীল হোৱাত যথেষ্ট সহায় কৰিছে বুলি ব্যক্ত কৰে । বিভিন্ন প্ৰতিকূল পৰিস্থিতিত সহিষ্ণুতা, ইতিবাচক দৃষ্টিভংগী আদিয়ে কেনেদৰে সহায় কৰে তেওঁ ছাত্ৰ-ছাত্ৰীক বুজাই দিয়ে ।
আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে(AYUSH Minister Sarbananda Sonowal) ভাৰতৰ প্ৰাচীন চিকিৎসা পদ্ধতিৰ গুৰুত্ব বৰ্ণনা কৰে । এই ক্ষেত্ৰত তেওঁ ৰামায়ণৰ লংকা-কাণ্ডৰ উদ্ধৃতি দি কয় যে লক্ষ্মণ মৃতপ্ৰায় অৱস্থাত পৰি থকা সময়ত হনুমানে সঞ্জীৱনী বুটি আনি তেওঁৰ জীৱন ৰক্ষা কৰিছিল । তাহানিৰ দিনৰ পৰাই ঔষধি গছ-লতিকাৰ গুণাগুণ আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত বৰ্ণিত আছে বুলি তেওঁ উল্লেখ কৰে ।
আয়ুষ মন্ত্ৰালয়ৰ অধীনত দেশৰ প্ৰায় ৯৫০০ ফেক্টৰীত এই প্ৰাকৃতিক ঔষধি উদ্ভিদবোৰক বিজ্ঞানসন্মত দৰৱৰূপে তৈয়াৰ কৰি থকা হৈছে । ভাৰতৰ আয়ুষ ক্ষেত্ৰই বিশ্বৰ বজাৰত ১৮.২ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অনুষ্ঠানত তেওঁ যোগৰ গুৰুত্বও বিশদভাৱে আলোচনা কৰে । দিনটোৰ কমেও এঘণ্টা সময় স্বাস্থ্য ৰক্ষাৰ নামত দিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰে ।