অসম

assam

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন সোণোৱালৰ - প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন সোণোৱালৰ

বছৰজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে উদযাপন কৰিছে মহাৰজত জয়ন্তী (AMCH platinum Jubilee)। সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে নিৰ্মিত platinum Jubilee parkৰ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

AMCH Diamond Jubilee
এমচিত platinum Jubilee park উদ্বোধন সোণোৱালৰ

By

Published : Sep 19, 2022, 2:23 PM IST

মৰাণ,১৯ছেপ্টেম্বৰ:কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Unoin minister Sarbananda Sonowal in AMCH) সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে নিৰ্মিত platinum Jubilee parkৰ শুভ উদ্বোধন কৰে । উক্ত উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ।

এমচিত platinum Jubilee park উদ্বোধন সোণোৱালৰ

আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত এই অনুষ্ঠানটোত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী,জিলা উপায়ুক্ত বিশ্বজিত পেগু, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্বল ফুকন, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰকে আদি কৰি কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰে । উল্লেখ্য় যে বছৰজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে উদযাপন কৰিছে মহাৰজত জয়ন্তী (AMCH platinum Jubilee)।

লগতে পঢ়ক:কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰিলে ইৰাণৰ চাবাহাৰ বন্দৰ

ABOUT THE AUTHOR

...view details