মৰাণ,9 মাৰ্চ:১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ সঞ্জীৱ চাংমাই আজি মনোনয়ন দাখিল কৰে । এসময়ত আছুৰ কেন্দ্ৰীয় নেতা আৰু বৰ্তমান অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সঞ্জীৱ চাংমাই কয়, "বিজেপিৰ অপশাসন আৰু ভ্ৰষ্টাচাৰী ৰাজনীতিৰ অৱসান ঘটাবলৈ অসম জাতীয় পৰিষদৰ এজন ৰণুৱা হিচাপে আগবাঢ়িছো" ৷ ৰাইজে সহায় কৰিলে এই লক্ষ্যত নিশ্চয় উপনীত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে এজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ।
মৰাণত এজেপিৰ সঞ্জীৱ চাংমাইৰ মনোনয়ন দাখিল - ১১৫ নং মৰাণ বিধানসভা সমষ্টি
১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ সঞ্জীৱ চাংমায়ে আজি মনোনয়ন দাখিল কৰে।
মৰাণৰ পৰা জাতীয় পৰিষদৰ হৈ সঞ্জীৱ চাংমাইৰ মনোনয়ন দাখিল
'মৰাণ সমষ্টিত বহু সমস্যা আছে ৷ এই সমস্যা সমূহ সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰা হ'ব' বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে সঞ্জীৱ চাংমায়ে ৷ প্ৰাৰ্থীজনে বিপুল ভোটত জয়লাভ কৰাৰো আশা ব্যক্ত কৰে ৷
লগতে পঢ়ক: ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে উঠাই ললে মনোনয়ন পত্ৰ