মৰাণ, 24 ফেব্ৰুৱাৰী: ১৯৯৬ চনত আলফাই ভূলবশতঃ অপহৰণ কৰা সঞ্জয় পায়েকে দিলে পণ বন্দীৰ সেই সময়ছোৱাৰ বৰ্ণনা ৷ কুইপ‘ৰ দুই পণবন্দীক মুক্তিৰ বাবে পৰেশ বৰুৱালৈ আহ্বান জনায় ৬২ দিন আলফাই পণ বন্দী কৰি ৰখা লাহোৱালৰ নিৱাসী সঞ্জয় পায়েকে ৷
আলফাই ভুলবশতঃ অপহৰণ কৰা সঞ্জয়ে দিলে পণবন্দীৰ বৰ্ণনা - ভূলবশতঃ অপহৰণ কৰা সঞ্জয় পায়েক
কুইপ‘ৰ দুই পণবন্দীক মুক্তিৰ বাবে পৰেশ বৰুৱালৈ আহ্বান জনায় ৬২ দিন আলফাই পণ বন্দী কৰি ৰখা লাহোৱালৰ নিৱাসী সঞ্জয় পায়েকে ৷ আলফাই ভূলবশতঃ অপহৰণ কৰা সঞ্জয়ে দিলে পণ বন্দীৰ সেই সময়ছোৱাৰ বৰ্ণনা ৷
আলফাই ভুলবশতঃ অপহৰণ কৰা সঞ্জয়ে দিলে পণবন্দীৰ বৰ্ণনা
সঞ্জয় পায়েকে সেই সময়ত আলফাই পণবন্ধী কৰি নিয়াৰ কথাৰ বিৱৰণ দি কয় যে, "মোক ৬২ দিন আলফাই পণবন্দী কৰি ৰাখিছিল। আলফাই ভুল বশতঃ মোক অপহৰণ কৰিছিল। ১৯৯৬ চনত মোক অপহৰণ কৰি চকু বান্ধি এটা বন্ধ কোঠাত থৈছিল । আলফাই অপহৰণ কালত মোক বহুতো আদৰ সাদৰে ৰাখিছিল। এতিয়া মই এখন দোকান দি পৰিয়ালৰ সৈতে সুখেৰে আছো । পৰেশ বৰুৱা ডাঙৰীয়ালৈ মোৰ এটাই অনুৰোধ যাতে তেওঁ পণবন্দী দুজনক মুক্তি দি পৰিয়ালৰ লোকক সকাহ দিয়ে ।"
লগতে পঢ়ক: কুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা