অসম

assam

By

Published : May 29, 2021, 12:51 PM IST

ETV Bharat / state

লাহোৱালত প্ৰশাসনৰ উদ্যোগত বাট-পথ ছেনিটাইজেচন

ক’ভিড মহামাৰীক প্ৰতিহত কৰিবলৈ লাহোৱাল আৰক্ষীৰ বিশেষ তৎপৰতা ৷ লাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলন আৰু আৰক্ষীৰ উদ্যোগত ছেনিটাইজ কৰা হয় বাট-পথ ৷

লাহোৱালৰ বাট-পথ ছেনিটাইজেশ্যন ব্যৱস্থা
লাহোৱালৰ বাট-পথ ছেনিটাইজেশ্যন ব্যৱস্থা

মৰাণ,29 মে’:সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাটো বৃদ্ধি পাইছে মহামাৰী কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ ৷ কাল কৰ’ণাক ৰোধ কৰিবলৈ শুকুৰবাৰে লাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলন আৰু আৰক্ষীৰ উদ্যোগত ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্য বিভাগ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু পৌৰ নিগমৰ প্ৰচেষ্টাত চহৰ-নগৰত আৰম্ভ কৰা হৈছে ছেনিটাইজেচন বা বিজাণু মুক্ত কৰাৰ কাম ৷ ডিকম আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত লাহোৱাল আৰক্ষী, সমাজকৰ্মী অজয় গগৈৰ সহযোগত শুকুৰবাৰে ইকৰাতলি খনিকৰ গাঁও, নাহৰচুক গাঁও, লাহোৱাল স্বাস্থ্য কেন্দ্ৰ, ব্লক, বজাৰ আদিত কৰা হয় ছেনিটাইজেচনৰ ব্যৱস্থা ৷ আনকি, ছেনিটাইজ কৰা হয় লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় জনশূন্য ঘাইপথচোৱাও ।

লাহোৱালৰ বাট-পথ ছেনিটাইজেশ্যন ব্যৱস্থা প্ৰশাসনৰ

লাহোৱালৰ বাট-পথ, বজাৰ বীজাণুমুক্ত কৰাৰ লগতে জনতাকো সজাগ কৰে ডিব্ৰুগড় প্ৰশাসনে ৷ ডিকম আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলন আৰু আৰক্ষীৰ এই কাৰ্যক লাহোৱাল তথা ইকৰাতলি খনিকৰবাসী ৰাইজে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক:ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং

ABOUT THE AUTHOR

...view details