অসম

assam

ETV Bharat / state

ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ চেপন গাঁও পঞ্চায়ত - ক'ভিড প্ৰতিৰোধৰ বাবে ছেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে চেপন গাঁও পঞ্চায়ত । এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেওবাৰে চেপন চাহ বাগিচাৰ অন্তৰ্গত এলেকাসমূহত বাগিচাৰ কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিৰোধৰ বাবে ছেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰে ।

Senitization by Sepon Panchaya
ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ চেপন গাঁও পঞ্চায়ত

By

Published : May 9, 2021, 12:34 PM IST

মৰাণ,৯ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ ডিব্ৰুগড়ত প্ৰতিদিনেই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে জিলা স্বাস্থ্য বিভাগ । এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেওবাৰে চেপন চাহ বাগিচাৰ অন্তৰ্গত এলেকাসমূহত বাগিচাৰ কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিৰোধৰ বাবে ছেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰে ।

ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ চেপন গাঁও পঞ্চায়ত

দেওবাৰে চেপন গাঁও পঞ্চায়তৰ উদ্যোগত তথা চেপন চাহ বাগিচাৰ সহযোগত কৰ'ণামুক্ত কৰাৰ উদ্দেশ্যে অধিকাংশ এলেকা ছেনিটাইজেচন কৰা হয় । চাহ বাগিচা অধ্যুষিত এলেকাসমূহত প্ৰতিদিনে ক'ভিড‌ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বাগিচা কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ চেপন গাঁও পঞ্চায়ত

ইতিমধ্যে প্ৰশাসনে বাগিচা কৰ্তৃপক্ষক কৰ্মচাৰীসকলক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব পালন কৰা, বাগিচাৰ এলেকাসমূহ ছেনিটাইজ কৰাৰ লগতে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জাৰি কৰা ক'ভিড প্ৰট'কলসমূহ কঠোৰভাৱে পালন কৰি যাবলৈ নিৰ্দেশ প্রদান কৰে ।

ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ চেপন গাঁও পঞ্চায়ত

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ খোৱাং, মৰাণ আদিত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । শনিবাৰৰ দিনটোত খোৱাঙত ৬০ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।

ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ চেপন গাঁও পঞ্চায়ত

লগতে পঢ়ক: ৰাজমাইৰ সাপ্তাহিক বজাৰত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল

For All Latest Updates

ABOUT THE AUTHOR

...view details