মৰাণ,18 মাৰ্চ:আগন্তুক অসম বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত সন্মিলিত গণ শক্তিয়ে বিজেপিক সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ পূৰ্বৰ দৰে এইবাৰো নিৰ্বাচনত সন্মিলিত গণ শক্তিয়ে মৰাণত বিজেপি প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব ৷
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন গণ শক্তিয়ে বৃহস্পতিবাৰে মৰাণ সমষ্টিৰ কলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত পানীমিৰি গাঁৱৰ মুৰং ঘৰত জাঁজিমুখ, ৰঙাগড়া, মইনামিৰি আৰু পানীমিৰি গাঁৱৰ ৰাইজৰ উপস্থিতিত সন্মিলিত গণ শক্তি, অসম দলৰ এখনি কৰ্মীসভা অনুষ্ঠিত হয় ৷ এই সভাতে সন্মিলিত গণ শক্তিয়ে আগন্তুক নিৰ্বাচনত বিজেপিক সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লয় ৷
জাঁজিমুখ, ৰঙাগড়া, মইনামিৰি আৰু পানীমিৰি গাঁৱৰ ৰাইজৰ সৈতে মিলি এই সিদ্ধান্ত গণ শক্তিৰ উল্লেখ্য যে, মৰাণ সমষ্টিৰ নিবাৰ্চনৰ ক্ষেত্ৰত গণ শক্তিৰ ভূমিকাৰ যথেষ্ট গুৰুত্ব আছে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত সভা খনত গণ শক্তিয়ে 115 নং মৰাণ বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়যুক্ত কৰোৱাৰ সংকল্প গ্ৰহণ কৰে
লগতে পঢ়ক:ছগৰাকী মুখ্যমন্ত্ৰী, শীৰ্ষ নেতাক লৈ কাইলৈ হিমন্তৰ মনোনয়ন