- মুখ্যমন্ত্ৰীৰ গৃহজিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ
- গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ গৃহজিলাতেই উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ
- ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিনাদ্বিধাই বলে'ৰ গাড়ীত লৈ যোৱা হৈছিল মেগজিনসহ AK-56 ৰাইফল
- উদ্ধাৰ হৈছে বৃহৎ টোপোলাত পাহাৰীয়া এলেকাৰ বনৌষধ, বিশেষকৈ দুৰ্গম এলেকাত ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় সামগ্ৰী, চিৰিঞ্জ ইত্যাদি
- মাৰণাস্ত্ৰলৈ AS-23N-0173 নম্বৰৰ বলে'ৰ ডিমাপুৰৰ পৰা আহিছিল দুগৰাকী মহিলাসহ এজন লোক
- বিমানবন্দৰ থকা ডিব্ৰুগড়ৰ মোহনবাৰীৰ সমীপত লাহোৱাল আৰক্ষীয়ে আটক কৰে বলে'ৰসহ তিনিওজনক
- ঘটনাৰ পিছতেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে আৰম্ভ কৰে তৎপৰতা
- লাহোৱাল থানাত অতিৰিক্ত আৰক্ষী অধীক্ষকসহ এটা দলে আৰম্ভ কৰে মাৰাথন জেৰা
- আটকাধীন লোককেইজন বদৰুল আলম,চাইনু,আকুয়া উপিং
- তিনিওৰে ঘৰ অৰুণাচলৰ চাংলাং জিলাৰ জয়ৰামপুৰত
- ধৃত মহিলা দুগৰাকীয়ে ঔষধসমূহ ডিমাপুৰৰ পৰা অৰুণাচলৰ জয়ৰামপুৰলৈ বুলি নিজৰ লগত লৈ গৈছিল
- আৰক্ষীৰ জেৰাত মাৰণাস্ত্ৰ সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিছে
- ইফালে ধৃত ব্যক্তিকেইগৰাকী কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ
ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ!! - ডিব্ৰুগড়ৰ
উদ্ধাৰ হৈছে বৃহৎ টোপোলাত পাহাৰীয়া এলেকাৰ বনৌষধ,দুৰ্গম এলেকাত ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় সামগ্ৰী, চিৰিঞ্জ ইত্যাদি
![ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ!!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3679174-thumbnail-3x2-dib.jpeg)
ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ