অসম

assam

ETV Bharat / state

JEE(Mains)ত শীৰ্ষ স্থানত উজলিল চল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ

ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ অবিনাশ শৰ্মাই সৰ্বভাৰতীয় সংযুক্ত বাছনি পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ স্থান লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে ডিব্ৰুগড় জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । অবিনাশ শৰ্মাৰ লগতে প্ৰাণজিৎ কাকতি নামৰ আন এজন ছাত্রইও শীৰ্ষৰ তালিকাত স্থান পাবলৈ সক্ষম হোৱাৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

JEE(Mains)ত শীৰ্ষ স্থানত উজলিল চল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ
JEE(Mains)ত শীৰ্ষ স্থানত উজলিল চল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ

By

Published : Mar 11, 2021, 11:55 AM IST

ডিব্ৰুগড়,11 মাৰ্চ:সৰ্বভাৰতীয় সংযুক্ত বাছনি পৰীক্ষাত ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ অবিনাশ শৰ্মাই অসমৰ ভিতৰতে সৰ্বোচ্চ স্থান লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে ডিব্ৰুগড় জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । অবিনাশ শৰ্মাৰ লগতে প্ৰাণজিৎ কাকতি নামৰ আন এজন ছাত্রইও শীৰ্ষৰ তালিকাত স্থান পাবলৈ সক্ষম হোৱাৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । ডিব্ৰুগড়ৰ আগশাৰীৰ কণিষ্ঠ মহাবিদ্যালয়খনৰ সঞ্চালক অশ্বিনী দুৱৰা আৰু অধ্যক্ষ অজয় চাহুয়ে মহাবিদ্যালয়খনৰ এই দুগৰাকী কৃতিমান ছাত্ৰৰ লগতে প্ৰায় পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে এই বাছনি পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে দেশৰ আগশাৰীৰ প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ সুবিধা লাভ কৰা বুলি উল্লেখ কৰিছে ।

JEE(Mains)ত শীৰ্ষ স্থানত উজলিল চল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ

এক সংবাদমেল যোগে সঞ্চালক গৰাকীয়ে কয়, দীৰ্ঘদিনৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ মহাবিদ্যালয়খনত বাছনি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছিল আৰু বিগত বৰ্ষ বোৰতো আশানুৰূপ ফলাফল লাভ কৰাৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে দেশৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি কৰ্মস্থলীতো যোগদান কৰিছে । চলিত বৰ্ষৰ পৰাই মহাবিদ্যালয় খনত এটি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লগতে কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে।

একেখন সংবাদমেলতে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰা অবিনাশ শৰ্মাই ছল্ট ব্ৰুক একাডেমিত নাৰ্চাৰী শ্ৰেণীৰ পৰাই স্কুলীয়া শিক্ষা লাভ কৰি পিছলৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল। ডিব্ৰুগড়ৰ খালিহামাৰী নিবাসী লোকনাথ শৰ্মা আৰু লক্ষ্মী শৰ্মা পুত্ৰ অবিনাশে বাছনি পৰীক্ষাত ৯৯.৮৭ শতাংশ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰাৰ লগতে ডিব্ৰুগড়ৰ কুমাৰণীচিগা নিবাসী দিলীপ কলিতা আৰু ছায়ামনি কাকতি পুত্ৰ প্ৰাণজিৎ কাকতিয়েও ছল্ট ব্ৰুক একাডেমিতে অধ্যয়ন কৰিছিল। প্ৰাণজিতে এই বাছনি পৰীক্ষাত ৯৯.৮৩ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষ স্থানেৰে মহাবিদ্যালয় খনৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত মহাবিদ্যালয়খনত এক আনন্দময় পৰিবেশৰ সৃষ্টি হয়।

লগতে পঢ়ক:বিহালীত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

ABOUT THE AUTHOR

...view details