অসম

assam

ETV Bharat / state

লুইতৰ চাপৰিত শৰতৰ বতৰা কঢ়িয়াইছে কঁহুৱাই

শৰতৰ আগমণে লৈ আনিছে আবেগৰ বতৰা ৷ ক্ৰমান্বয়ে প্ৰকৃতিয়েও যেন সলাইছে সকলোৰে মন ৷ শৰতৰ আগমণৰ এই বতৰাই কবি তথা গীতিকাৰ সকলৰো মন-প্ৰাণ চঞ্চলাময় কৰি তুলিছে ৷

saccharum spontaneum
লুইতৰ চাপৰিত আবেগৰ বতৰা কঢ়িয়াইছে কঁহুৱাই

By

Published : Sep 13, 2021, 3:23 PM IST

ডিব্ৰুগড়,13 ছেপ্তেম্বৰ :তোমাৰ উশাহ কঁহুৱা-কোমল । তোমাৰ হাঁহি শেৱালি কোমল । বতাহত লহপহকৈ হালিলে বাজি উঠে মিঠা বাঁহী । শৰতৰ বতৰত প্ৰাণময় পৰিৱেশৰ মাজত ফুলি উঠা কহুৱা তুমি । কত কবি, গায়কৰ বৰ্ণময় শব্দৰ এটা মিঠা নাম কহুৱা। নিৰ্মল আকাশৰ তলত শৰত আহিলেই ফুলি উঠা কহুৱা বহুতৰে মনৰ ভাষা ।

লুইতৰ চাপৰিত আবেগৰ বতৰা কঢ়িয়াইছে কঁহুৱাই

সৰগৰ বুকুৰ পৰা নামি অহা যেন লগা মায়াময় শৰতক ধৰাৰ বুকুত চিনাকি কৰাইছে এতিয়া কঁহুৱা বনবোৰে । শৰত অহাৰ মিঠা মিঠা স্পৰ্শক চিনাকি কৰাই হালি জালি ফুলি উঠিছে শুকুলা চাদৰ এখনিৰ দৰেই কঁহুৱা বনবোৰ । বছৰটোৰ এইখিনি সময়ত দিনটোৰ তেজ গোৰা বেলিয়ে জিলিঙনি মেলি দূৰৈৰ পৰা সোঁত বৈ থকা জলৰাশিয়েদি আহি নদীৰ পাৰৰ কঁহুৱাবোৰক চুমি থকাৰ দৃশ্যবোৰে একপ্ৰকাৰ প্ৰতিজনকে মোহচ্ছন্ন কৰি পেলায় ।

লগতে পঢ়ক:বেকী নৈৰ বানত তচনচ কৃষকৰ সোণালী সপোন
প্ৰকৃতিৰ নান্দনিক শোভাৰে ভৰা ৰূপহী অসমৰ নৈ সমূহৰ পাৰে পাৰেও কহুৱা ফুলাৰ দৃশ্যপট অতুলনীয়, অনন্য । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ থকা বৰ লুইতৰ পাৰে পাৰে আহিন অহাৰ বতৰা লৈ ফুলি উঠা কঁহুৱা বনে অসমী আইৰ প্ৰাকৃতিক সৌন্দৰ্য্যক দুগুণ ৰূপেৰে সজাই তোলে এইখিনি সময়ত ।

শৰতৰ আগমনত পাতলকৈ নিয়ৰৰ টোপাল সৰা, পুৱা গধুলি শীতৰ মিঠা মিঠা অনুভৱবোৰ, তাতে দূৰৈৰ পাহাৰৰ বুকুৰ পৰা সূৰুযে লুইতৰ পাৰ হৈ কঁহুৱা চুমি থকা মুগ্ধ ছবিখন বৰ্ণনাহীন ভাল লগাৰ প্ৰতীক । বহুজনৰ মনৰ একোণত যেন এই সময়খিনিৰ আগমনৰ বাবে থাকে অধীৰ অপেক্ষা ।

লগতে পঢ়ক:অসুৰক্ষিতভাৱে চলিছে ঘাগৰ ঘাটৰ ফেৰী সেৱা

অসমীয়া মাধ্যমৰ পাঠ্যপুথিত অসমীয়া জনজীৱনৰ ছবিৰে একপ্ৰকাৰ শিশু মনতেই প্ৰকৃতিক ভালপোৱাৰ আবেগ সিঁচি দিয়াৰ সমান্তৰালকৈ মহাবাহুৱে অসমৰ প্ৰায়বোৰ জিলাকে চুই যোৱা বাবে গাঁও, নগৰত বসবাস কৰা অধিকাংশ অসমীয়া শিশু কিশোৰে প্ৰকৃতিৰ এই নান্দনিক পৰিৱৰ্তন বাস্তৱত অনুভূত কৰে । যাৰ বাবে কিশোৰৰ পৰা বৃদ্ধলৈকে কঁহুৱা বুলি ক'লে, শৰত বুলি ক'লে অসমীয়াৰ বুকুত এক অপ্ৰতিৰুদ্ধ আকুলতা । সেয়ে লুইতৰ চাপৰিত কঁহুৱা অবিহনে শৰৎ যেন এটি আধা লিখা গীত ৷

লাস্যময়ী কঁহুৱাই বতাহত এৰি দিয়ে জীৱনৰ গান । যি সৌন্দৰ্য্য অনন্য অথচ স্বীকৃতিহীন । উলাহত নাচি থকা কঁহুৱাবোৰ নিজেই হৈ পৰে আপোন পাহৰা । নাথাকে কঁহুৱাৰ নিজৰ ঠিকনা । শৰতৰ বতাহে কহুৱাক লৈ ফুৰে উৰুৱাই । তাৰ মাজে মাজে অনুভৱৰ বৰষুণ ।

লগতে পঢ়ক:পেগাচাছ কাণ্ড : আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

ABOUT THE AUTHOR

...view details