মৰাণ, ৩ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যক উত্তাল কৰিছে । নিতৌ বিভিন্ন স্থানত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতেই আহোম জনগোষ্ঠীৰ বিভিন্ন জলন্ত সমস্যাক লৈ দেওবাৰে মৰাণত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । এই সভাৰ পিছতে সংগঠনটোৱে মৰাণৰ টাই অধ্যয়ন আৰু গৱেষনা কেন্দ্ৰত এক সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত সংগঠনটোৱে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্ত শাসন আৰু শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে ।
উক্ত সংবাদমেলত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভত কেইবাটাও দাবীও উত্থাপন কৰে সংগঠনটোৱে । সেই অনুসৰি সমষ্টি নিৰ্ধাৰণ আয়োগ গঠন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা, ২০০১ চনৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে ২০১১ চনৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিয়ে ।