অসম

assam

ETV Bharat / state

জেচিম আহমেদৰ কথা আৰু ৰূপম ভূঞাৰ কণ্ঠেৰে আহি আছে হৃদয় চুমি...

সাংবাদিক জেচিম আহমেদৰ কথা আৰু অৰ্ণৱ বৈশিষ্ট্যৰ সংগীতেৰে ডিব্ৰুগড় প্ৰেছ ক্লাৱত শুভ মুক্তি লাভ কৰে ৰূপম ভূঞাৰ এটি নতুন গীতে

ৰূপম ভূঞাৰ নতুন গীতৰ শুভমুক্তি

By

Published : Jul 13, 2019, 9:54 AM IST

ডিব্ৰুগড়,13 জুলাইঃ ব্যতিক্ৰমী আৰু তত্বগধুৰ গীতৰ ধাৰাৰে সুকীয়া পৰিচয় ধৰি ৰখা কন্ঠশিল্পী ৰূপম ভূঞাৰ "হৃদয় চুমি এটি জোনাকী পৰুৱা" শীৰ্ষক এই গীতটো ডিব্ৰুগড় প্ৰেছ ক্লাৱত শুভ মুক্তি লাভ কৰে ৷ সাংবাদিক জেচিম আহমেদৰ কথা আৰু অৰ্ণৱ বৈশিষ্ট্যৰ সংগীতৰ এই গীতটো গীতিকাৰ সংগীত শিল্পী প্ৰশান্ত বৰদলৈয়ে উন্মোচন কৰে ৷ গীতৰ কথাক লৈ যথেষ্ট আকৰ্ষিত সংগীত শিল্পী ৰূপম ভূঞা ৷

ৰূপম ভূঞাৰ নতুন গীতৰ শুভমুক্তি

ইতিমধ্যে ধ্বনি মিউজিক যোগে প্ৰায়বোৰ অনলাইন চাইটতে উপলব্ধ হ'ব গীতটো । গীতটোৰ কথাত মোহিত হৈ গীতটোৰ লেখক সাংবাদিক জেচিম আহমেদকো শলাগে প্ৰশান্ত বৰদলৈয়ে । জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ, সাংবাদিক বিভাস দুৱাৰা,অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সা:সম্পাদক ৰাতুল বুঢ়াগোহাঁই সহ উপস্থিত সকলোৱে
"গীতটো" প্ৰথম বাৰলৈ শুনিয়েই যথেষ্ট আপ্লুত হয় ৷

ABOUT THE AUTHOR

...view details