ডিব্ৰুগড়, 14 জুলাই : ৰবৰ খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন এগৰাকী ব্যক্তিৰ ৷ আঠ বিঘা ভূমিত ৰবৰ খেতিৰ জৰিয়তে জীৱিকাৰ বাট মুকলি কৰিছে চাবুৱাৰ এজন ব্যক্তিয়ে ৷ ব্যক্তিগৰাকী হৈছে চাবুৱা জেৰাই গাঁৱৰ বিজয় বৰুৱা ।
সাধাৰণতে ডিব্ৰুগড়ৰ লগতে উজনিত ৰবৰৰ খেতিৰ বিশেষ উদাহৰণ নাই । কিন্তু ইয়াৰ মাজতে চাহ নগৰী ডিব্ৰুগড়ত ৰবৰৰ খেতিৰে বছৰি ৯ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বিজয় বৰুৱাই । দীৰ্ঘদিন দিন ধৰি তেওঁ এই খেতি কৰিয়েই পৰিয়াল পোহপাল দি আহিছে ।
ৰবৰৰ খেতিডৰাৰ পৰা আৰু অধিক উৎপাদনৰ হকে নিতৌ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিজয় বৰুৱাই ।
উল্লেখ্য যে, উজনিৰ ডিব্ৰুগড়ৰ ভাৰতৰ ভিতৰতেই বিখ্যাত চহৰ । কাৰণ ভাৰতৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনৰ ৰাজ্য অসম আৰু অসমৰ সৰ্বাধিক চাহ উৎপাদন হয় ডিব্ৰুগড়ত । জিলাখনৰ মনমোহা সেউজীয়া প্ৰাকৃতিক পৰিৱেশটোক প্ৰাণ দিছে ইয়াৰ শাৰী শাৰীকৈ থকা চাহ গছবোৰে ।
এগৰাকী ব্যতিক্ৰমী ৰবৰৰ খেতিয়ক জিলাখনত প্ৰৱেশৰ ঘাইপথৰ কাষে কাষে এখনৰ পাছত আনখন চাহ বাগিচাই শোভাবৰ্ধন কৰিছে । তেনেকৈয়ে চহৰৰ প্ৰায়বোৰ দাঁতি কাষৰীয়া অঞ্চলসমূহো চাহ খেতিৰে পৰিপূৰ্ণ । য'ত চাহৰ জৰিয়তে স্বাৱলম্বী হৈ আছে বহুলোক ।
কিন্তু মনত উদ্যম আৰু চিন্তা ব্যতিক্ৰম হ'লে কঠিন কামো সহজে সম্পাদন কৰিব পাৰে, যি আন দহজনৰ বাবে আদৰ্শ হ’ব পাৰে ৷ ডিব্ৰুগড়তো তেনে এক আদৰ্শ দাঙি ধৰিছে এজন ব্যক্তিয়ে ৷ এক ব্যতিক্ৰমী কৃষিকাৰ্যৰ জৰিয়তে বিজয় বৰুৱাই এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে ।
ডিব্ৰুগড়ৰ চাবুৱাৰ বিজয় বৰুৱাই আন বহুজনৰ দৰে কিন্তু চাহ খেতিত প্ৰাধান্য দিয়া নাই । ৰবৰৰ খেতিৰেহে নতুন দৃষ্টান্ত আগবঢ়াইছে তেওঁ । পুৱাৰে পৰাই বৰুৱাই ব্যস্ত হৈ থাকে দৈনিক নিজৰ বাৰীৰ পৰা উৎপাদিত ৰবৰৰ কেঁচা মাল সংগ্ৰহ কৰাত ।
বৰুৱাৰ এই ৰবৰৰ খেতি তথা উৎপাদনৰ আন এটা আকৰ্ষণীয় তথা লক্ষণীয় দিশ হ'ল গৃহতে যন্ত্ৰত বিশেষ পদ্ধতিৰে ৰবৰৰ আকাৰ দিয়ে বিজয় বৰুৱাই । এই কামো নিজ হাতেৰে কৰে বিজয় বৰুৱাই । ইফালে বৰুৱাৰ বাৰীৰ পৰা উৎপাদিত ৰবৰ গুৱাহাটীৰ কোম্পানীক যোগান ধৰে । যাৰ বিনিময়ত বৰুৱাই ১৫০ টকাৰ পৰা ১৯০ টকা পৰ্যন্ত লাভ আহৰণ কৰে প্ৰতি কিল’গ্ৰাম ৰবৰত ।
চাহ খেতিৰ ধামখুমীয়াত ধাৱমান নহৈ বিজয় বৰুৱাই চাবুৱাৰ প্ৰথমজন ৰবৰ খেতিয়ক হিচাপে বিবেচিত হৈ এতিয়া লাভৱান হৈছে ৰবৰৰ খেতি কৰি । লগতে বহু নিবনুৱাৰ বাবে এক ব্যতিক্ৰমী আদৰ্শ প্ৰতিষ্ঠা কৰি দেখাইছে স্বাভলম্বিতাৰ নিদৰ্শন । এইজন ব্যক্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টাত পৰক চকু চৰকাৰৰো, ডিব্ৰুগড়ত এই কৃষিৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰক ৰাজ্য চৰকাৰৰ কৃষি বিভাগে । ইতিমধ্যে বিজয় বৰুৱাই উঠি অহা প্ৰজন্মৰ কোনোবাই যদি ৰবৰ খেতিৰ বিষয়ে জানিবলৈ আগ্ৰহী তেন্তে সহায় কৰিবলৈও প্ৰস্তুত বিজয় বৰুৱা ৷
লগতে পঢ়ক:দুখন নতুন অভয়াৰণ্য গঠনৰ বাবে মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ নেচাৰ্ছ বেকনৰ