টিংখাং,18 এপ্ৰিলঃডিব্ৰুগড়ৰ জিলাৰ টিংখাঙত চিকিৎসা কৰ্মী,আৰক্ষী প্ৰশাসনক বিহুৱানেৰে সম্বৰ্ধনা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৷ উৎসাহ আৰু প্ৰেৰণা যুগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৷
চিকিৎসকৰ লগতে আৰক্ষীক সাদৰ সম্ভাষণ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ
নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি অহা চিকিৎসকৰ লগতে আৰক্ষী প্ৰশাসনক সম্বৰ্ধনা জনায় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৷ কৰ্মৰত লোক সকলৰ প্ৰেৰণা যুগুৱাৰ উদ্দেশ্যে এই পদক্ষেপ দলটোৰ ৷
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ টিংখাং সমিতিৰ উদ্যোগত ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ লগতে টিংখাং আৰক্ষী প্ৰশাসনক এখনি কৈ ফুলাম গামোচাৰে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । মহামাৰী ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি অহা চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলৰ সম্বৰ্ধনা জনায় ৷ আৰক্ষী প্ৰশাসনক উৎসাহ,মনোবল আৰু প্ৰেৰণা যুগোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক অম্বেশ্বৰ কোচ,বিজেপি নেতা অঞ্জন দত্ত, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মী অজয় বাইলুং ধৰি কেইবাজনো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য উপস্থিত থাকে ৷