অসম

assam

ETV Bharat / state

ৰহমৰীয়াত বিসংগতিপূৰ্ণ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা - পিযুষ হাজৰিকা

ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত গড়াখহনীয়া ৰোধ কৰিবৰ বাবে কৰা জিঅ' বেগৰ কামত বিসংগতি ৷ বালি ভৰ্তি জি'অ বেগ চিলাই নকৰাকৈ পেলাই দিয়া হৈছে নদীত ৷

rohmoria-erosion-work-negligence
ৰহমৰীয়াত বিসংগতি পূৰ্ণ গৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা

By

Published : May 20, 2021, 10:28 PM IST

ডিব্ৰুগড়,20 মে’: যি সময়ত গড়কাপ্তানি মন্ত্ৰী পিযুষ হাজৰিকাই মথাউৰি নিৰ্মাণত ব্যস্ত ঠিকাদাৰৰ কাম-কাজৰ বিসংগতিত অগ্নি শৰ্মা হৈএকপ্ৰকাৰ বিভাগটোক দোষমুক্ত কৰাৰ প্ৰয়াসৰ লগতে কামত হেমাহি কৰা ঠিকাদাৰক নাকী লগোৱাৰ চেষ্টা চলাইছে, তেনে সময়তে ডিব্ৰুগড়ত জি'অ বেগৰ কামত চলিছে ব্যাপক বিসংগতি । উল্লেখ্য যে, মন্ত্ৰী পিযুষ হাজৰিকাৰ জলসম্পদ বিভাগে গড়াখহনীয়া ৰোধ কৰিবৰ বাবে জিঅ' বেগত বালি ভৰাই নদীত পেলাইছিল যদিও মুখনি চিলোৱা হোৱা নাছিল এই জি'অ বেগ সমূহৰ ।

ৰহমৰীয়াত বিসংগতি পূৰ্ণ গৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা

ফলস্বৰূপে এতিয়া জলসম্পদ বিভাগৰ ঠিকাদাৰে কৰা কাম বগা হাতীত পৰিণত হৈছে বুলিও উত্থাপন হৈছে সমালোচনা ।

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ৭ কোটি ৭৪ লাখ টকাৰ জি'অ বেগৰ নিয়ৰ্মীয়মান প্ৰকল্প স্থলীত সংঘটিত হৈছে এই কাণ্ড । বছৰ বছৰ ধৰি ডিব্ৰুগড়ৰ জিলাখনত জলন্ত ৰূপত থকা ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যা ৰোধৰ বিশেষ আচনিৰ কামৰ নমুনা দেখি এতিয়া চকু কপালত উঠিছে ৰাইজৰ ।

ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰহমৰীয়াত বালি ভৰ্তি জি'অ বেগ চিলাই নকৰাকৈ পেলাই দিয়াৰ দৰে বিসংগতি প্ৰত্যক্ষ কৰাৰ পাছতেই ৰহমৰীয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । এই ঘটনাৰ পিচতেই ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰহমৰীয়াত চলি থকা জি'অ বেগৰ কাম অহা ১৫ দিনৰ ভিতৰত শেষ কৰাৰ লগতে স্থানীয় প্ৰশাসনক কাম কাজ সঠিক ৰূপত নিৰীক্ষণ কৰিবলৈকো দাবী জনাইছে সংগ্ৰামী মঞ্চই ।

লগতে পঢ়ক :ড্ৰাগছ, গাঞ্জা মদৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অবিৰত অভিযান

ABOUT THE AUTHOR

...view details