মৰাণ, 28 জানুৱাৰী : ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত মাহযোৰা পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰা হৈছে ৷ এই সজাগতা সভাৰ বুধবাৰে সামৰণি পৰে ৷
ডিব্ৰুগড় জিলাৰ লোক নিৰ্মাণ বিভাগৰ অধিনস্থ লাহোৱাল, ডিব্ৰুগড়, মৰাণ আৰু টিংখাং ক্ষেত্ৰী পথ সংমণ্ডলৰ লগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়া আৰু গ্ৰাম্য অঞ্চলৰ বিভিন্ন প্ৰান্তত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মাহযোৰা এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত সজাগতা সভাৰ সামৰণি অনুষ্ঠান বুধবাৰে খনিকৰ চাৰিআলিত অনুষ্ঠিত হয় ।
ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষা সজাগতা এই সজাগতা সভাত লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা সঞ্জীৱ লাহন, অধীক্ষক কাৰ্যবাহী অভিযন্তা বিকাশ পাংগীং, সহকাৰী অভিযন্তা হেমন্ত দাস বাগৰি, বৰষা বৰুৱা, হিমাদ্ৰী বৰুৱা, বিশ্বজিৎ বৰুৱা, মিতালী ওজাৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে ৷
আনকি এই সজাগতা অনুষ্ঠানৰ পৰাই পথৰে অহা যোৱা কৰা পথৰ যাত্ৰী সকলৰ চাইকেল, স্কুটি, মটৰ চাইকেল,গাড়ী আদিত দুৰ্ঘটনাৰ পৰা নিজৰ লগতে আনৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰত্যেকখন বাহনত ৰং বিৰঙৰ চিহ্ন (সংকেত) লগোৱাৰ উপৰিও প্ৰচাৰ পত্ৰ বিতৰণ কৰে যাত্ৰী তথা চালক সকলৰ মাজত ৷
লগতে পঢ়ক :অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ এখন জনশূণ্য গাঁও