মৰাণ,23 নৱেম্বৰ : ডিব্ৰুগড়ৰ দুলীয়াজানত বিধায়ক তেৰছ গোৱালাৰ ঘনিষ্ঠ ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই জেলত ভৰোৱাৰ ভাবুকি প্ৰদান কৰে ঠিকাদাৰজনে ৷
বিধায়ক তেৰছ গোৱালা যেন এতিয়া গভীৰ নিদ্ৰাত ৷ বিধায়কৰ আসনত বহি চিঞৰি চিঞৰি বিভিন্ন সভা-সমিতিয়ে কোৱা শূন্য সহনশীলতাৰ কথা এতিয়া যেন ধোৱা চাঙত উঠিল। যাৰ পৰিপ্ৰেক্ষিতত এচাম দালালৰূপী ঠিকাদাৰক দিয়া হৈছে এতিয়া পথৰ কামৰ দায়িত্ব ।
বিধায়ক তেৰছ গোৱালাৰ ঘনিষ্ঠ ঠিকাদাৰৰ লুণ্ঠনৰাজ বিধায়ক গৰাকীৰ এনে কৰ্ম-কাণ্ডৰ উমান পাই সোমবাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত তেলপানী বামুনীকুৰীয়া গাঁও পঞ্চায়তৰ দিহিং হোলা আৰু তেলপানীবাসী ৰাইজে ।
ৰাইজৰ অভিযোগ অনুসৰি,দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব বুলি ধমক দিয়ে বিধায়ক তেৰছ গোৱালাৰ ঘনিষ্ঠ ঠিকাদাৰে ।
লগতে পঢ়ক :কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ