মৰাণ, 30 অক্টোবৰ :ডিব্ৰুগড় জিলাৰ মৰাণ তিলৈ নগৰত শুকুৰবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে এখন পাচলি ভৰ্তি ট্ৰাক ।
ঢেকীয়াজুলীৰ পৰা তিনিচুকীয়ালৈ গৈ থকা AS-23CC-4443 নম্বৰৰ শাক-পাচলি ভৰ্তি ডি আই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই মৰাণ তিলৈ নগৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিলৈ নদীৰ দলঙৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাত চালকজনৰ কথমপি প্ৰাণ ৰক্ষা হয় যদিও চালক জনৰ সহযোগীজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।