অসম

assam

ETV Bharat / state

পথ দুৰ্ঘটনাত কেন্দ্ৰ কৰি উত্তপ্ত বাদলাবেটা - Dibrugarh

ডুমডুমা-ফিল'বাৰী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷

ROAD ACCIDENT IN DOOMDOOMA
পথ দুৰ্ঘটনাত কেন্দ্ৰ কৰি উত্তপ্ত বাদলাবেটা

By

Published : Nov 10, 2020, 7:36 PM IST

মৰাণ, ১০ নবেম্বৰ: ডুমডুমা-ফিল'বাৰী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বাদলাবেটা চাৰিআলিত মঙলবাৰে পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে অঞ্চলটো । মুগল মাহালী আৰু সমীৰ মাহালী নামৰ ছাত্ৰ দুগৰাকীয়ে ৭ নৱেম্বৰত টিউচনৰ পৰা ঘৰলৈ আহি থকা সময়তেই এখন দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ যায় । আহত ছাত্ৰ দুজনক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷ কিন্তু সোমবাৰে চিকিৎসাধীন অৱস্থাত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মুগল মাহালীৰ মৃত্যু হয় ৷ আনহাতে সমীৰ মাহালীৰ অৱস্থা বৰ্তমানেও সংকটজনক ।

পথ দুৰ্ঘটনাত কেন্দ্ৰ কৰি উত্তপ্ত বাদলাবেটা

দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ মুগল মাহালীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সমীৰ মাহালীৰ উন্নত চিকিৎসাৰ দাবী জনাই মঙলবাৰে স্থানীয় লোকসকলে ডুমডুমা-ফিল'বাৰী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অন্যহাতে, প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পৰিপেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথটোত বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে প্ৰতিবাদী লোকসকলে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ৰ অগ্নিকাণ্ডৰ বুজ ললে জিলা উপায়ুক্তই

ABOUT THE AUTHOR

...view details