ডিব্ৰুগড়,17 ছেপ্টেম্বৰ: দুলীয়াজানত শোকাৱহ দুৰ্ঘটনা(Road accident at Duliajaan) ৷ দুলীয়াজানৰ জালনী অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী । নিহত যুৱকগৰাকী দুলীয়াজানৰ বুদ্ধ মন্দিৰ অঞ্চলৰ ৰাহুল সোনাৰ বুলি জানিব পৰা গৈছে ।
নিহত যুৱকজন নিশা ডিগবৈৰ পৰা মটৰ চাইকেলেৰে দুলীয়াজান অভিমুখে আহি থকা অৱস্থাত দুলীয়াজানৰ দিশৰ পৰা অহা এ এছ ০৬ চি চি ০৪৮৫ নম্বৰৰ বলেৰ' গাড়ী এখনে মুখামুখিকৈ খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । উক্ত দুৰ্ঘটনাত মটৰ চাইকেলৰ আৰোহীগৰাকী থিতাতে নিহত হয় । ইতিমধ্যে আৰক্ষীয়ে নিহত যুৱকগৰাকীৰ মৃতদেহটো দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে (Oil india hospital of Duliajaan) ।