অসম

assam

লালুকাত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমাল বাসগৃহত

By

Published : Nov 1, 2019, 5:59 AM IST

Updated : Nov 1, 2019, 7:57 AM IST

ডিব্ৰুগড়ত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ তীব্ৰবেগী লোহাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰৱেশ কৰে মানুহৰ বাসগৃহত ৷ ঘটনাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত ৷

লালুকাত পথ দুৰ্ঘটনা

ডিব্ৰুগড়, 31 অক্টোবৰঃ ডিব্ৰুগড়ত বৃহস্পতিবাৰে নিশা এখন লোহাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰৱেশ কৰে মানুহৰ বাসগৃহত ৷ তীব্ৰবেগী ট্ৰাকখনে লালুকাত এখন বাইক মহতিয়াই নি প্ৰৱেশ কৰে এঘৰত ৷ AS-06BC-2836নম্বৰৰ লোহা ভৰ্তি ট্ৰাক খনে AS-07J-3196 নম্বৰৰ মটৰ চাইকেলখন মহতিয়াই নিয়াৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

লালুকাত পথ দুৰ্ঘটনা

লগতে পঢ়কঃ স্থলসেনাৰ উদ্যোগত ঢালিগাঁৱত কৌশলী বিকাশ অনুষ্ঠান

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি,ডিব্ৰুগড়ৰ দিশৰ পৰা গৈ থকা ট্ৰাকখনে ভুল দিশেৰে আহি মৰাণৰ দিশৰ পৰা আহি থকা মটৰচাইকেল আৰোহীজনক মহতিয়াই নিয়ে ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে প্ৰৱেশ কৰে পথৰ কাষৰ দোকানৰ লগতে চঞ্জু আহমেদ নামৰ লোকজনৰ বাসগৃহত ৷ দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চঞ্জু আহমেদৰ ভাতৃ অভি আহমেদকো আঘাতপ্ৰাপ্ত কৰে ৷ আঘাতপ্ৰাপ্ত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকখনৰ চালকজনে ৷ ঘটনাৰ পিচতে দীৰ্ঘসময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথটোত বহু যানবাহন আবদ্ধ হৈ পৰাৰ ফলতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত মটৰচাইকেল আৰোহীজনক বৰ্তমান সময়লৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷

লগতে চাওকঃ দুই লাখ টকীয়া দুটা বিদ্যুৎ মাচুলৰ বিল ! হতবাক গৃহস্ত

Last Updated : Nov 1, 2019, 7:57 AM IST

ABOUT THE AUTHOR

...view details