অসম

assam

By

Published : Dec 23, 2020, 1:57 PM IST

Updated : Dec 23, 2020, 3:16 PM IST

ETV Bharat / state

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আন এক নতুন সংযোজন ঘটাই ডিব্ৰুগড়ৰ বগীবিল ঘাটত সাজু হৈছে "ব্ৰহ্মপুত্ৰৰ মুকুতা"। বিশাল ব্ৰহ্মপুত্ৰ নদীক লৈ ডিব্ৰুগড়ত এইবাৰ আৰম্ভ হৈছে নদী পৰ্যটনৰ আন এক নতুন অধ্যায়। নৌকা যানখনত তিনি টাকৈ অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত কোঠা,ৰান্ধনী শাল,সভাগৃহ,ডাইনীং হল, অত্যাধুনিক শৌচাগাৰ আদিৰে পঞ্চম তাৰকাযুক্ত হোটেল সদৃশ সুবিধা উপলব্ধ আছে। তদুপৰি আছে এখন ওপঙা ৰেষ্টুৰেণ্ট আৰু এটা সভা কক্ষ।

As_dib_01_River_tourism_of_Assam_Vis_10043
অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

ডিব্ৰুগড়,23ডিচেম্বৰঃবগীবিল দলং মুকলি হোৱাৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে উত্তৰ ভাৰতৰ লগত যোগাযোগৰ নতুন দিগন্তৰ সূচনা হৈছিল ৷ কিন্তু একে সময়তে বহু দশক যোৰা বগীবিল ফেৰীঘাট অকামিলা হৈ পৰাত নাওঁ চলাই ,দোকান-পোহাৰ দি জীৱন নিৰ্বাহ কৰি যোৱা বহু লোকৰ জীৱনলৈ নামি আহিছিল দুৰ্যোগ ৷ শেহতীয়াকৈ পুনৰ বগীবিলে কঢ়িয়াই আনিছে আশাৰ নতুন ৰেঙণি । কাৰণ এতিয়া বগীবিলৰ পাৰক গঢ় দিয়া হৈছে পৰ্যটনৰ নতুন দিগন্ত ৰূপে । অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আন এক নতুন সংযোজন ঘটাই ডিব্ৰুগড়ৰ বগীবিল ঘাটত সাজু হৈছে "ব্ৰহ্মপুত্ৰৰ মুকুতা"। বিশাল ব্ৰহ্মপুত্ৰ নদীক লৈ ডিব্ৰুগড়ত এইবাৰ আৰম্ভ হৈছে নদী পৰ্যটনৰ আন এক নতুন অধ্যায় ।

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

উল্লেখযোগ্য যে,ডিব্ৰুগড়ৰ ঐতিহাসিক বগীবিল ঘাটৰ পৰা নদীদ্বীপ মাজুলী,ডিব্ৰু-ছৈখোৱা, কাজিৰঙা দৰ্শনকে ধৰি গুৱাহাটী পৰ্যন্ত পৰিভ্ৰমণ কৰিব পৰাকৈ পৰ্যটকৰ বাবে সাজি উলিওৱা হৈছে এক বৃহৎ নৌকা যান "ব্ৰহ্মপুত্ৰৰ মুকুতা"।ডেৰ বছৰযোৰা প্ৰস্তুতি অন্তত "ব্ৰহ্মপুত্ৰৰ মুকুতা" নামৰ বৃহৎ নৌকা যান সাজু হৈ উঠিছে যাত্ৰাৰ বাবে ৷ বৃহস্পতি বাৰে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে এই যান খন মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সুদূৰ কেৰালাৰ নদীৰ পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ এজন পৰ্যটন অনুৰাগী যুৱক তথা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মহন সহ ধীৰাজ বিকাশ গগৈ নামৰ আন এজন উৎসাহী যুৱকৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা হৈছে নৌকাযান খন ৷

পিছে এই বৃহৎ নৌকাযান খনত কি কি সুবিধা আছে ?নৌকা যানখনত তিনি টাকৈ অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত কোঠা, ৰান্ধনী শাল, সভাগৃহ, ডাইনীং হল, অত্যাধুনিক শৌচাগাৰ আদিৰে পঞ্চম তাৰকাযুক্ত হোটেল সদৃশ সুবিধা উপলব্ধ আছে । তদুপৰি আছে এখন ওপঙা ৰেষ্টুৰেণ্ট আৰু এটা সভা কক্ষ । তাৰোপৰি দুখলপীয়া যানখনৰ কোঠা সমূহত সংলগ্ন শৌচাগাৰ সমূহৰ মলমূত্ৰ সমূহ আধুনিক ভেকুৱাম পদ্ধতিৰে নিষ্কাষণৰ ব্যৱস্থা আছে ৷ অত্যাধুনিক পদ্ধতিৰে উত্তৰ বংগৰ কাৰিকৰে নিৰ্মাণ কৰা এই বৃহৎ নৌকা যানখন দুটা ইঞ্জিনৰ সহায়ত ৩ জন অভিজ্ঞ চালকে পৰ্যটক সকলক ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাব । আনহাতে পৰ্যটক সকলৰ সুৰক্ষাৰ বাবে থাকিব দুখনকৈ যন্ত্ৰ চালিত নাওঁ । নিশ্চিতভাৱে এই পদক্ষেপে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কেইবাদিনো যাত্ৰা কৰি নদীকাষৰীয়া বাসিন্দা সকলৰ সভ্যতা-সংস্কৃতি বুজ লোৱাৰ লগতে এই "ব্ৰহ্মপুত্ৰ মুকুতা"ই অসমৰ পৰ্যটনৰ মান চিত্ৰত স্বাভাৱিকতে অনাগত দিনত এক নতুন সংযোজন ঘটাব ।

লগতে পঢ়কঃনগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

Last Updated : Dec 23, 2020, 3:16 PM IST

ABOUT THE AUTHOR

...view details