অসম

assam

ETV Bharat / state

বুঢ়ীদিহিঙে বিপদ নমাই আনিছে টিংখাঙবাসীলৈ - বৃস্তিত অঞ্চল

বুঢ়ীদিহিঙৰ প্ৰবল খহনীয়াৰ তাণ্ডৱত সৰ্বস্বান্ত টিংখাঙৰ এটা বিস্তীৰ্ণ অঞ্চল । বহু পৰিয়ালে ঘৰ-মাটি এৰি নিৰাপদ ঠাইলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হৈছে । বুঢ়ীদিহিঙৰ খহনীয়াত জাহ গৈছে 1500 বিঘা কৃষিভূমি ৷

river-erosion-at-tingkhong
বুঢ়ীদিহিঙে বিপদ নমাই আনিছে টিংখাঙবাসীলৈ

By

Published : Jul 14, 2021, 11:39 AM IST

টিংখাং, 14 জুলাই :বাৰিষা আহিলেই আতংকিত হৈ পৰে টিংখাঙৰ এটা অঞ্চলৰ নৈপৰীয়া ৰাইজ । বুঢ়ীদিহিং নৈৰ গৰাখহনীয়া (river erosion) ৰ কবলত পৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ (tingkhang lac) কেইবাখনো গাঁও । বছৰ-বছৰ ধৰি চলি অহা খহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ গ'ল বিস্তীৰ্ণ কৃষিভূমি, গৃহহাৰা হ’ল বহু দূৰ্ভগীয়া পৰিয়াল । টিংখাঙৰ চেঁচাবিল, চেঁচানেপালী আদি গাঁৱৰ এক বিস্তীৰ্ণ এলেকাত 1971 চনৰ পৰাই বুঢ়ীদিহিঙৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে ।

বিগত 45 বছৰে খহনীয়া অব্যাহত থকা উক্ত অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো এখন চৰকাৰেই গ্ৰহণ নকৰিলে উচিত পদক্ষেপ । পূৰ্বে প্ৰায় 30 ঘৰ মানুহৰ বসতিৰে নদন-বদন হৈ থকা নদীৰ পাৰৰ ঠাইখনত যেন এতিয়া মৰিশালিৰ নিস্তব্ধতা । ইতিপূৰ্বে গাঁৱখনৰ প্ৰায় বহুকেইটা ঘৰ নদীৰ বুকুত জাহ গৈছে । বহু পৰিয়ালে ঘৰ-মাটি এৰি নিৰাপদ ঠাইলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হৈছে ।

লগতে পঢ়ক:মানাহ নদীৰ গৰাখহনীয়াৰ কৱলত চৰকাৰী বিদ্যালয়

অঞ্চলটোৰ প্ৰধান জীৱিকা কৃষি ৷ বিগত সময়চোৱাত প্ৰায় 1500 বিঘা কৃষিভূমি খহনীয়াত জাহ গৈছে । শেহতীয়াকৈ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে উক্ত খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাইছে । অন্যথা এই সংক্ৰান্তত ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

ইফালে, কৃষিজীৱি ৰাইজৰ কৃষিভূমিসমূহ নদীৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষকসকলে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বে খহনীয়া কিছু কম আছিল যদিও খামটিঘাটত এখন পকী দলং নিৰ্মাণ হোৱাৰ পিছৰ পৰাই বৰ্তমান এই খহনীয়া তীব্ৰতৰ হৈছে । জীৱন-জীৱিকাৰ অস্তিত্ব সংকটত পৰা গাঁৱবাসীয়ে এতিয়া বিভাগীয় মন্ত্ৰীক খহনীয়া ৰোধৰ ব্যৱস্থা শীঘ্ৰে ল'বলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details