অসম

assam

By

Published : Dec 25, 2020, 9:21 AM IST

ETV Bharat / state

বগীবিলত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক জাহাজ ব্ৰহ্মপুত্ৰৰ মুকুতা

পৰ্যটন মানচিত্ৰত এক নতুন মাত্ৰা প্ৰদানৰে বগীবিলৰ পাৰত 'ব্ৰহ্মপুত্ৰৰ মুকুতা'ৰ শুভ উদ্বোধন ৷ পৰ্যটকৰ বাবে অত্যাধুনিক জাহাজখন মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ব্ৰহ্মপুত্ৰ নদী আমাৰ সভ্যতা-সংস্কৃতিৰ ৰাজহাঁড় স্বৰূপ আখ্যা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

brahmaputrar mukuta
brahmaputrar mukuta

ডিব্ৰুগড়, 25 ডিচেম্বৰ :অসমৰ পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজন ঘটাই ডিব্ৰুগড়ৰ বগীবিলত "ব্ৰহ্মপুত্ৰৰ মুকুতা" নামৰ এখন সুবিশাল জাহাজৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিশাল জাহাজখন পৰ্যটকৰ বাবে বৃহস্পতিবাৰে নিশা বগীবিলৰ ব্ৰহ্মপুত্ৰৰ তীৰত মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ব্ৰহ্মপুত্ৰৰ বুকুত থকা প্ৰচুৰ সম্ভাৱনাক এটি বাস্তৱসন্মত কাৰ্যৰে উজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছে । এয়া নিশ্চিতভাৱে সকলোৰে বাবে উৎসাহজনক বতৰা । ব্ৰহ্মপুত্ৰৰ বিশালতা, গভীৰতা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস । এই মহান ব্ৰহ্মপুত্ৰ নদীয়েই হৈছে আমাৰ সভ্যতা-সংস্কৃতিৰ ৰাজহাঁড় স্বৰূপ । যি দুগৰাকী উদ্যমী যুৱকে ৰাজ্য চৰকাৰৰ আই ডব্লিউ টি বিভাগৰ সহায়ত এনে এক আঁচনি গ্ৰহণ কৰিছে সেয়া সচাই প্ৰসংশনীয় । ইয়াৰ দ্বাৰা অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াত অনাগত দিনত সহায়ক হ’ব বুলিও মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে ৷

ব্ৰহ্মপুত্ৰৰ মুকুতাৰ শুভ উদ্বোধন

মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বিৰুদ্ধে বিদ্বেষভাৱ সৃষ্টি নকৰি সহাৱস্থান কৰাৰ মানসিকতা গঢ় দিবলৈ সকলোকে আহ্বান জনায় । সেই লক্ষ্যৰে ব্ৰহ্মপুত্ৰক মৰ্যদা প্ৰদান কৰাৰ বিষয়েও আলোকপাত কৰে । শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কি:মি: দৈৰ্ঘৰ এই নদীৰ সদ ব্যৱহাৰ কৰাৰ বিষয়ে অৱগত কৰি বাৰিষা বা খৰালিৰ সময়চোৱাত এই ব্ৰহ্মপুত্ৰ নদীৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত সম্যক ধাৰণা দি মুখ্যমন্ত্ৰী সোণোৱালে এই নদীৰ সুন্দৰ বাতাৱৰণ, সুন্দৰ ভূগোল বিশ্বৰ বুকুত উপস্থাপন কৰিব পৰাকৈ তথা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এনে এখন বিশাল জাহাজত পৰিভ্ৰমণ কৰি পৰ্যটকসকলে সেয়া অনুধাৱন কৰিব পাৰিব বুলি কয় । এই প্ৰচেষ্টাৰ দ্বাৰা অৰ্থনীতি সৱল হোৱাৰ লগতে অসমৰ সভ্যতা-সংস্কৃতি বিশ্বৰ বুকুত জিলিকিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

ব্ৰহ্মপুত্ৰৰ মুকুতা

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ঐতিহাসিক বগীবিল ঘাটৰ পৰা নদী দ্বীপ মাজুলী, ডিব্ৰু-ছৈখোৱা, কাজিৰঙা দৰ্শনকে ধৰি গুৱাহাটী পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পৰিভ্ৰমণ কৰিব পৰাকৈ পৰ্যটকৰ বাবে সাজি উলিওৱা 'ব্ৰহ্মপুত্ৰৰ মুকুতা' নামৰ এক বৃহৎ জাহাজখন প্ৰায় ডেৰ বছৰজোৰা প্ৰস্তুতিৰ অন্তত যাত্ৰাৰ বাবে সাজু হৈ উঠিছে ৷ কেৰালাৰ নদীৰ পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ এজন পৰ্যটন অনুৰাগী যুৱক তথা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মহন আৰু ধীৰাজ বিকাশ গগৈ নামৰ আন এজন উৎসাহী তথা উদ্যমী যুৱকৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা হৈছে এই বৃহৎ ক্ৰুজখন ৷

দুমহলীয়া এই বৃহৎ জাহাজযান খনত তিনি টাকৈ অত্যাধুনিক শীত তাপ নিয়ন্ত্ৰিত কোঠা,ৰান্ধনীশাল,সভাগৃহ, ডাইনিং হ'ল, অত্যাধুনিক শৌচাগাৰ,গৰম পানীৰ বাবে গি'জাৰ আদিৰে সমৃদ্ধ পঞ্চ তাৰকাযুক্ত হোটেল সদৃশ সুবিধা সমুহ উপলব্ধ হ’ব বুলি উদ্যোগী যুৱকদ্বয়ে জানিবলৈ দিছে । ইয়াৰোপৰি জাহাজখনত আছে এখন বৃহৎ ওপঙা ৰেষ্টুৰেণ্ট আৰু এটা সভা কক্ষ ।

বগীবিলত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক জাহাজ ব্ৰহ্মপুত্ৰৰ মুকুতা

যানখনৰ কোঠা সমূহত সংলগ্ন শৌচাগাৰ সমূহৰ মলমূত্ৰ সমূহ আধুনিক ভেকুৱাম পদ্ধতিৰে নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে ৷ অত্যাধুনিক পদ্ধতিৰে উত্তৰ বংগৰ কাৰিকৰে নিৰ্মাণ কৰা এই বৃহৎ জাহাজখনত দুটা ইঞ্জিনৰ সহায়ত ৩ জন অভিজ্ঞ চালকে পৰ্যটক সকলক ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাব । সমান্তৰালকৈ এই ৰিভাৰ ক্ৰুজত পৰ্যটক সকলৰ সুৰক্ষাৰ বাবে আন দুখন যন্ত্ৰ চালিত নাও থাকিব । ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কেইবাদিনো যাত্ৰা কৰি নদী কাষৰীয়া তথা চৰ-চাপৰিৰ বাসিন্দা সকলৰ সভ্যতা-সংস্কৃতি বুজ লোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ বিৰল তথা নান্দনিক প্ৰাকৃতিক পৰিবেশ উপভোগ, নৈশ যাপন, বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে এসাঁজ খোৱাৰ সুবিধা থকা এই "ব্ৰহ্মপুত্ৰ মুকুতা"ই অসমৰ পৰ্যটনৰ মান চিত্ৰত স্বাভাৱিকতেই এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক :মিজোৰামত ক'ভিড ট্ৰেচিঙৰ বাবে কনটেক্টলেছ এপ উদ্ভাৱন চাৰি যুৱকৰ

ABOUT THE AUTHOR

...view details