অসম

assam

ETV Bharat / state

প্ৰৱল গৰাখহনীয়াত ভীতিগ্ৰস্ত দিচাং পৰীয়া ৰাইজ - গৰাখহনীয়া

এখন চৰকাৰী বিদ্যালয় আৰু এটা পথৰ প্ৰতি ভাবুকি কঢ়িয়াইছে দিচাং নৈৰ ভয়ংকৰ গৰাখহনীয়াই । কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ।

river bank erosion
দিচাং নৈৰ ভয়ংকৰ গৰাখহনীয়া

By

Published : Jul 16, 2020, 9:41 AM IST

টিংখাং, 16 জুলাই : বান-গৰাখহনীয়াই জুৰুলা কৰিছে ৰাজ্যৰ নৈপৰীয়া ৰাইজক ৷ এফালে যদি বাঢ়নী পানীৰ সমস্যা আনফালে আকৌ গৰাখহনীয়াৰ ৷ বানত কৃষি ভূমি, ঘৰ-দুৱাৰ ডুৱ যোৱাৰ লগতে কাল খহনীয়াত নৈৰ বুকুতো জাহ গৈছে একাংশৰ মাটি-ভেটি সৰ্বস্ব ৷ বাৰিষা হ'লেই যেন নৈ পৰীয়াৰ বাবে অভিশাপলৈ পৰিণত হয় নৈ সমূহ ৷

দিচাং নৈৰ ভয়ংকৰ গৰাখহনীয়া

দিচাং নৈৰ ভয়ংকৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন বিদ্যালয়, এটা নামঘৰ এটা পথৰ প্ৰতি । টিংখাঙৰ দিচাং ৰংছোৱাল গাঁৱত বছৰ-বছৰ ধৰি দিচাং নদীৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰি আহিছে ৷ এইবেলিও দিচাং নৈয়ে ভাবুকি কঢ়িয়াই আনিছে দিচাং ধনপুৰ মজলীয়া বিদ্যালয়ৰ লগতে চাচনী-ধমন সংযোগী পথলৈ। নদীৰ খহনীয়াৰ কবলত পৰি জাহ যোৱাৰ উপক্ৰম হৈছে কেইবাখনো গাঁৱৰ যাতায়তৰ সম্বল একমাত্ৰ পথটো । দিচাং নৈৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে সোণোৱাল কছাৰী লোকসকলৰ এটা মন্দিৰ জাহ গৈছে নৈৰ বুকুত ।

দিচাঙৰ খহনীয়াই এনে গম্ভীৰ ৰূপ লোৱাৰ পাচতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ । স্থানীয় ৰাইজৰ বাৰম্বাৰ আবেদনৰ পাচতো খহনীয়া ৰোধৰ বাবে আজিকোপতি কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : পুঠিমাৰী-বৰলীয়াৰ বানে সকলো কাঢ়ি নিলে বন্যাৰ্তৰ

ABOUT THE AUTHOR

...view details