ডিব্ৰুগড়, 4 নৱেম্বৰ :অসমৰ পৰ্যটন ক্ষেত্ৰখনক অধিক ত্বৰান্বিত কৰি নিবনুৱা সকলৰ স্বনিয়োজনৰ বাট মুকলি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই । অসমৰ পৰ্যটন উন্নয়নৰ অধ্যক্ষৰ পদত নিয়োজিত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই অসমখন নদী পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে ৷
তেওঁ কয়, ব্ৰহ্মপুত্ৰক অসমৰ চকুলো নহয় সম্পদ হিচাপে গ্ৰহণ কৰা উচিত ৷ নদী পৰ্যটনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰত প্ৰচুৰ সম্ভাৱনা আছে ৷ ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ, প্ৰাকৃতিক সম্পদ আদিক লৈ পৰ্যটনক্ষেত্ৰ গঢ়ি উঠিছে যদিও আৰু বহু কৰিব লগা আছে ৷ ডিব্ৰুগড় জিলাটো শেহতীয়াকৈ বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পাছতেই পৰ্যটনৰ ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে ৷