ডিব্ৰুগড়, ১০ জুন: বৃহস্পতিবাৰে ডিব্ৰুগড়ত উদ্ধাৰ হ'ল এজন লোকৰ মৃতদেহ । দৈনিক ৰিক্সা চলাই জীৱিকা অৰ্জন কৰিছিল লোকজনে । মৃত ব্যক্তিজনৰ নাম 'কালে' বুলি জানিব পৰা গৈছে । পদপথত খাদ্য বিক্ৰী কৰা এখন অস্থায়ী দোকানত লোকজনৰ মৃতদেহ উদ্ধাৰ হয় ।
ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত মৃতদেহ উদ্ধাৰ - rickshaw puller death
ডিব্ৰুগড়(Dibrugarh) চহৰৰ থানা চাৰিআলিত উদ্ধাৰ হ'ল এগৰাকী ৰিক্সা চালকৰ মৃতদেহ । পদপথত খাদ্য বিক্ৰী কৰা এখন অস্থায়ী দোকানত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ । সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লোকজনৰ মৃতদেহ ।
![ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত মৃতদেহ উদ্ধাৰ Rickshaw puller deadbody recovered at Dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12085757-1008-12085757-1623328977048.jpg)
ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত মৃতদেহ উদ্ধাৰ
ৰিক্সা চালকজনে প্ৰায়ে অধিক মাত্ৰাত সুৰাপান কৰিছিল বুলি একাংশ লোকে জানিবলৈ দিছে । সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লোকজনৰ মৃতদেহ । আনহাতে, ৰিক্সা চালকজন এনেদৰে মৃত অৱস্থাত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক:মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু