অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত চৰকাৰী আঁচনি ৰূপায়ণৰ অগ্ৰগতি বুজ ল'লে মুখ্য সচিব জিষ্ণু বৰুৱাই - চৰকাৰী আঁচনি ৰূপায়ণৰ অগ্ৰগতি বুজ ল’লে মুখ্য সচিব জিষ্ণু বৰুৱাই

চৰকাৰী আঁচনি আৰু উন্নয়ন মূলক কাম কাজ বুজ লোৱা উদ্দেশ্যে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হয় (Chief Secretary Jishnu Boruah visit dibrugarh)। ইয়াৰ পাছতে বৰুৱাৰ সভাপতিত্বত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বৈদ্যুতিক সংমণ্ডলৰ বিষয়ববীয়া সকলৰ লগত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

implementation of government schemes in Dibrugarh
চৰকাৰী আঁচনি ৰূপায়ণৰ অগ্ৰগতি বুজ ল'লে মুখ্য সচিব জিষ্ণু বৰুৱাই

By

Published : Dec 12, 2021, 10:16 PM IST

মৰাণ, 12 ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৰেই ৰাজ্যত উন্নয়নৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই । চৰকাৰী আঁচনি আৰু উন্নয়ন মূলক কাম-কাজ বুজ লোৱা উদ্দেশ্যে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হয় (Chief Secretary Jishnu Boruah visit dibrugarh)।

ইয়াৰ পাছতে বৰুৱাৰ সভাপতিত্বত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বৈদ্যুতিক সংমণ্ডলৰ বিষয়ববীয়া সকলৰ লগত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখন অনুষ্ঠিত হয় ডিব্ৰুগড় জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত । উক্ত সভাত বিভাগৰ অধীনত থকা চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহৰ সফল ৰূপায়ণ তথা স্থবিৰ হৈ থকা আঁচনি সমূহ শীঘ্ৰে সমাপ্ত কৰণৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে মুুুখ্য সচিব গৰাকীয়ে ।

চৰকাৰী আঁচনি ৰূপায়ণৰ অগ্ৰগতি বুজ ল'লে মুখ্য সচিব জিষ্ণু বৰুৱাই

এই সভাতে চৰকাৰী সকলো আঁচনি ৰূপায়ণৰ(implementation of government schemes) কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্য সচিব জিষ্ণু বৰুৱাৰ । লগতে বৈদ্যুতৰ বিল আৰু ১০০ শতাংশ বিল সংগ্ৰহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা বাবেও বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে । সভাত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু সহিতে শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সংমণ্ডলৰ সাধাৰণ পৰিচালক, উপ-সাধাৰণ পৰিচালক তথা বিভাগীয় কৰ্তৃপক্ষ সকলো উক্ত সভাত উপস্থিত থাকে ।

লগতে পঢ়ক:এইবাৰ সমগ্ৰ উত্তৰ-পূৱ জুৰি হ'ব কা' আন্দোলন : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details