ডিব্ৰুগড়, 24 মে':ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাই ৷ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ কৰ’ণা আক্ৰান্ত হৈ এইবাৰ মৃত্যু হল এজন শিক্ষকৰ ৷
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ ছোৱালী হাইস্কুলৰ শিক্ষক ইমৰান হুছেইন বৰা ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ ৷ ১৯৫৬ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা বৰাৰ পিতৃ আছিল ফজলুল হুছেইন বৰা আৰু মাতৃ আছিল ফাইজুন নেছা ।
তেওঁ ১৯৯৫ চনত গ্ৰাহাম বজাৰ ছোৱালী বালিকা স্কুলত চাকৰিত যোগদান কৰি সেইখন বিদ্যালয়ৰ পৰাই ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে । সৰুৰে পৰাই অতি মেধাৰ পৰিচয় দিয়া আৰু অতি অমায়িক প্ৰকৃতিৰ ইমৰান হুছেইন বৰাই মৃত্যুৰ আগলৈকে ছোৱালী হাইস্কুল খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে সেৱা আগবঢ়াইছিল ।