মৰাণ, 31 মে’:স্বাধীন অসমৰ সপোন দেখি 2011 চনত আলফা (স্বাধীন)ত যোগ দিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত নতুন বলাইৰ এজন যুৱক বিগত প্ৰায় 9 বছৰে সন্ধানহীন হৈ আছে । পুত্ৰক উভোটাই পাবলৈ সম্প্ৰতি ব্যাকুল হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ ।
ঘটনাৰ বিৱৰণী অনুসৰি, তিনিচুকীয়াৰ আইটিআই মহাবিদ্যালয়ত অধ্যয়ন শেষ কৰি ভূলেশ্বৰ সোণোৱাল আৰু জিনা সোণোৱালৰ কনিষ্ঠ সন্তান অজিত সোণোৱাল ওৰফে বিমান অসম(33) নামৰ যুৱকজনে 2011 চনত তিনিচুকীয়ালৈ বুলি ওলাই গৈছিল । উক্ত দিনৰ পৰা আজিকোপতি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ নাই যুৱকজনৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ এটা দলে নতুন বলাইস্থিত অজিতৰ গৃহত উপস্থিত হৈ সন্ধান বিচাৰে ৷ কিন্তু পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধান দিব নোৱাৰাত আৰক্ষীৰ দলটোৱে যুৱকজনে ইতিমধ্যে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগ দিয়াৰ কথা অৱগত কৰে ।